মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...

মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...
মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...

তুষাৰ প্ৰতিম

বলিউড ভাইজান ছলমান খানৰ 'বডিগাৰ্ড' চিনেমাখনৰ এটা বিখ্যাত ডাইলগ - “एक बार जो मैंने कमिटमेंट कर दी, उसके बाद मैं खुद की भी नहीं सुनता। অৰ্থাৎ মই এবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত নিজৰ কথাও নুশুনো।

বৰ্তমানৰ অসমৰ, দেশৰ ৰাজনীতিৰ ক্ষেত্ৰখনলৈ লক্ষ্য কৰি সকলোবোৰ দিশ সুক্ষ্মভাৱে পৰ্যালোচনা কৰিলে এই সংলাপ ফাকি হয়তো আপোনাৰো মনলৈ আহিব।লোকসভাত বিজেপি মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতাৰ বাবেই ইচ্ছানুসৰি এখনৰ পাছত আন এখন বিল বিনা বাধাই পাছ কৰি নিছে।

একেদৰে অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰেও অনুৰূপ ভাৱে ইচ্ছানুসৰি সিদ্ধান্ত গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰি আহিছে। দুৰ্বোল বিৰোধী, প্ৰভাৱগোষ্ঠীৰ অভাৱত এতিয়া চৰকাৰৰ যি ইচ্ছা সেয়াই বাস্তৱত ৰূপায়ণ কৰি আহিছে।

২০২০ ৰ ২৩ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাম তেলৰ কৃষি কৰ্মৰ বাবে কৃষকসকলক আহ্বান জনাইছিল। এই খেতিৰ বাবে উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানক বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰি এই খেতিৰ ব্যৱসায়ীকৰণৰ বাবে ১১ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছিল।

সেই সময়তে অসম তথা উত্তপ পূৰ্বাঞ্চলৰ আন আন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আদিত মুঠ ৩৮ হাজাৰ ৯২২ হেক্টৰ ভূমিত এই খেতিৰ কাম আৰম্ভ হৈছিল।

পাম খেতিৰ বিষয়ে চৰ্চা আৰম্ভ হোৱাৰে পৰা অসমৰ লগতে বিভিন্ন ৰাজ্যত দল, সংগঠন আৰু প্ৰকৃতিপ্ৰেমীয়ে এই খেতিৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি আহিছে যদিও সেই প্ৰতিবাদলৈ যেন কোনো ভ্ৰুক্ষেপ নাই চৰকাৰৰ। প্ৰধানমন্ত্ৰী মোডীৰ কথাক বেদৰ বাক্য হিচাপে লৈয়ে ২০২২ তে অসম চৰকাৰেও পুঁজিপতি বাবা ৰামদেৱৰ প্ৰতিষ্ঠানৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰে।

সেই চুক্তিৰ আধাৰতে আজি ৰামদেৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ ধলাৰ ছৈখোৱাঘাটত যৌথভাৱে ৰোপণ কৰিলে পাম তেলৰ পুলি। বিভিন্ন দল, সংগঠন, প্ৰকৃতিপ্ৰেমীৰ প্ৰতিবাদ স্বত্বেও আজি এই কাৰ্যসূচীত অংশ লৈ ইয়াৰ প্ৰচাৰ তীব্ৰতৰ কৰি তুলিলে।

পাম খেতিয়ে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি ইতিমধ্যে বিশেষজ্ঞসকলেও দাবী কৰিছে। সেই দাবীৰ পাছতো ৰাজ্য চৰকাৰে পতঞ্জলীক অসমত পাম খেতি কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰি অনুমতি দিছে। পতঞ্জলি ফুড লিমিটেডে অসমৰ তিনিচুকীয়া, যোৰহাট, গোলাঘাট, নগাঁও, কামৰূপ আৰু গোৱালপাৰাৰ সৈতে মুঠ ৭খন জিলাত পাম খেতি কৰিব।

ইয়াৰ বাবে পতঞ্জলীয়ে অসমত স্থাপন কৰিব পাম তেল প্ৰছেচিং উদ্যোগ। শেহতীয়াকৈ  অসমৰ মুঠ ১৮ খন জিলাক এই খেতিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। কেৱল পতঞ্জলীয়েই নহয় মুঠ চাৰিটা কোম্পানীয়ে অসমত কৰিব এই পাম খেতি।  

কেন্দ্ৰীয় চৰকাৰে 'নেচনেল মিছন ফৰ ইডিবল অইল-অইল পাম'  অভিযান আৰম্ভ কৰিছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২২ তে ১১,০৪০ কোটি টকা অনুমোদন আগবঢ়াইছিল। ইয়াৰে ৫,৮৫০ কোটি টকা বিনিয়োগ কৰিব অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত।

কিন্তু এই পাম খেতিয়ে কৃষি ভূমিৰ উৰ্বৰতা নষ্ট কৰাৰ লগতে জৈৱ-বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে বুলি ইতিমধ্যে বিশেষজ্ঞই মত পোষণ কৰিছে। কৃষি বিজ্ঞানীৰ মতে পাম খেতিয়ে মাটিৰ উৰ্বৰা শক্তি নাইকিয়া কৰে। পাম গছে মাটিৰ পৰা খনিজাত পদাৰ্থ আৰু সকলো ধৰণৰ পুষ্টিকৰ খাদ্য শোষণ কৰে।

ফলত পাম গছৰ কাষত থকা আন সকলো উদ্ভিদৰ লাহে লাহে মৃত্যু হয়।পাম খেতিৰ দাঁতি কাষৰীয়া অঞ্চলৰ গছ-গছনি, জীৱ-জন্তুৰ ব্যাপক অনিষ্ট হয়। এজোপা পাম খেতিক এদিনতে প্ৰয়োজন হয় প্ৰায় ৩০০ লিটাৰ পানী।

ফলত ভূগৰ্ভৰ পানীও শোষণ কৰে এই গছবোৰে। এনে পৰিস্থিতিত পাম খেতিৰ কাষৰীয়া অঞ্চলবোৰত মৰুভূমি সদৃশ পৰিৱেশৰো সূচনা হোৱাৰ নজিৰ আছে। ইতিমধ্যে মালয়েছিয়া, ইণ্ডোনেছিয়া, শ্ৰীলংকা আদিৰ দৰে দেশে পাম খেতি কৰি তাৰ কুফল লাভ কৰিছে ।

শ্রীলংকাকে ধৰি একাংশ দেশত এই খেতি কৰাত বাধা আৰোপ কৰিছে। ভাৰতৰ কেৰালা ৰাজ্যতো পাম খেতি নিষিদ্ধ। কিন্তু তাৰ পাছতো কিয় অসম, তথা উত্তৰ পূৰ্বাঞ্চলক এই খেতিৰ বাবে নিৰ্বাচিত কৰা হ'ল সেয়া এক ডাঙৰ প্ৰশ্ন।

জৌৱ বৈচিত্ৰৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চলৰ মূল বৈশিষ্টই হৈছে চহকী জৈৱ বৈচিত্ৰ। কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত এতিয়া এই জৈৱ বৈচিত্ৰক ধ্বংস কৰাত মনোনিৱেশ কৰিছে নেকি?  তেনে প্ৰশ্নও কিন্তু উত্থাপন হৈছে।

ৰামদেৱক যিকেইখন জিলাত পাম তেলৰ খেতি কৰিবলৈ দিয়া হৈছে সেই আটাইকেইখন জিলাই জৈৱ বৈচিত্ৰৰে চহকী। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অৱস্থিত ডিব্ৰু ছৈখোৱাৰ কাষত কৰা হ'ব এই খেতি।

বিশ্ব ঐতিহ্যক্ষেত্ৰ গোলাঘাটতো কৰিব এই খেতি। গোলাঘাট, নগাওঁ জিলাক সামৰি থকা এই ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া বহু হাজাৰ ভূমি এই পাম খেতিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। একেই অৱস্থা পবিতৰা, সোণাই ৰূপাই আদিৰ ক্ষেত্ৰতো।

জৈৱ বৈচিত্ৰলৈ ভাবুকি কঢ়িয়াই অনা এই খেতি এই অঞ্চলসমূহত কৰাৰ ফলত আগন্তুক সময়ত এই ৰাষ্ট্ৰীয় উদ্যাণ, অভয়াৰণ্য আদিৰ জীৱ, জন্তু, প্ৰাকৃতিক উদ্ভিদ আদি যে লাহে লাহে শেষ হৈ নোহোৱা নহ'ব তাৰ গেৰাণ্টি এই চৰকাৰ অথবা উদ্যোগপতি ৰামদেৱৰ দৰে মানুহবোৰে ল'বনে?

জানিব পৰা মতে ২০২৫-২৬ চনৰ ভিতৰত অসমত ২ লাখ হেক্টৰ ভূমিত পাম খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি শাসিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। ইতিমধ্যে ইয়াৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদে পাম খেতি কৰিবলগীয়া ভূমি চিনাক্ত কৰি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে৷ 

ৰামদেৱৰ পতঞ্জলী ফুডছ লিমিটেডৰ উপৰিও গডৰেজ এগ্ৰোভেট লিমিটেড, থ্ৰি এফ অইল পাম আৰু কে ই কাল্টিভেছন নামৰ কোম্পানী কেইটাই অসমত পাম অইলৰ খেতি কৰিব৷ ইয়াৰ বাবে ৰাজ্যখনক মুঠ ৬টা মণ্ডলত ভাগ কৰা হৈছে৷ প্ৰথম মণ্ডলত আছে ধেমাজি আৰু লখিমপুৰ জিলা। দ্বিতীয় মণ্ডলত আছে যোৰহাট, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা।

সেইদৰে তৃতীয় মণ্ডলত আছে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা। চতুৰ্থ মণ্ডলত কামৰূপ, কামৰূপ মহানগৰ, গোৱালপাৰা আৰু নগাঁও জিলা আছে। পঞ্চম মণ্ডলত চিৰাং, ওদালগুৰি আৰু শোণিতপুৰ জিলা থকাৰ বিপৰীতে ষষ্ঠ মণ্ডলত আছে হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ জিলা।

পাম খেতিৰ বাবে প্ৰয়োজন প্ৰচুৰ পানী। অধিক বৰষুণ হোৱা ঠাই এই খেতিৰ বাবে উপযোগী। সেয়ে কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক এই খেতিৰ বাবে উতকৃষ্ট স্থান হিচাপে নিৰ্ধাৰণ কৰিছে। লগতে এই খেতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯০ঃ১০ হাৰত সাহায্যও প্ৰদান কৰিব। অৰ্থাত এই খেতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে সাহায্য হিচাপে আগবঢ়াব মুঠ ৯০ শতাংশ ধন। কেৱল ১০ শতাংশ ধনহে ৰাজ্য চৰকাৰে ব্যয় কৰিব।

প্ৰকাশিত খবৰ অনুসৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত মুঠ ৩.২৮ লাখ হেক্টৰ কৃষি ভূমিত এই খেতি কৰা হব। উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত আন  আন ৰাজ্যত মিলাই এই খেতি কৰা হব ৩.২২ লাখ হেক্টৰ ভূমিত।

এই খেতিৰ বিৰুদ্ধে ১১৭ গৰাকীকৈ বিজ্ঞানী আৰু প্ৰকৃতিবিদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পত্ৰ প্ৰেৰণ কৰাৰ খবৰ ইতিমধ্যে প্ৰচাৰ হৈছে। তাৰ পাছতো এই খেতিক লৈ অতি উৎসাহী হৈ আছে ৰাজ্য চৰকাৰ। কৃষি মন্ত্ৰী অতুল বৰায়ো এই খেতিৰ বাবে কৃষকক আকৃষ্ট কৰিবলৈ ইতিমধ্যে ফিল্ডত নিজেই নামি পৰিছে।

চৰকাৰখনৰ এনেবোৰ কৰ্ম কাণ্ডই ছলমান খানৰ সেই বিখ্যাত ডাইলগটোক সৰোগত কৰিয়েই কাম কৰি থকাৰ কথাকে বুজাই আহিছে। যিহেতু প্ৰধানমন্ত্ৰীয়ে কৈছে, তেওঁক কথা দিয়া হৈছে সেয়ে বাকী সকলো শেষ হৈ গ'লেও কথা দিয়া মতে কাম কৰিবই। লাগে অসম মৰুভূমি হৈ যাওক।

মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...
কোন কোন ক্ৰিকেটাৰে স্থান পাব ২০২৩ বিশ্বকাপৰ ভাৰতীয় দলটোত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in