প্ৰেমিকাক প্ৰতাৰণা কৰি আটক হ'ল SDO সমীৰণ দাসঃ দাবী কৰিছিল ১ কোটি টকা !

প্ৰেমিকাক প্ৰতাৰণা কৰি আটক হ'ল SDO সমীৰণ দাসঃ দাবী কৰিছিল ১ কোটি টকা !
প্ৰেমিকাক প্ৰতাৰণা কৰি আটক হ'ল SDO সমীৰণ দাসঃ দাবী কৰিছিল ১ কোটি টকা !

ডিজিটেল ডেস্কঃ এগৰাকী এছ ডি অ'ৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ। প্ৰথমে প্ৰেমৰ সম্পৰ্ক আৰু তাৰ পাছত বিয়াৰ প্ৰস্তাৱ দি পৰৱৰ্তী সময়ত ১ কোটি টকা দাবী কৰি অগ্ৰীম ধন লৈয়ো এগৰাকী যুৱতীক প্ৰৱঞ্চনা কৰাৰ অভিযোগত আটক হৈছে এছ ডি অ' সমীৰণ দাস।

বৰ্তমান হেঙেৰাবাৰীৰ পি এইছ ই কাৰ্যালয়ত কৰ্মৰত সমীৰণ দাসৰ বিৰুদ্ধে নলবাৰীৰ এগৰাকী যুৱতীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰাৰ পাছতে নলবাৰী আৰক্ষীয়ে আটক কৰিছে এছ ডি অ' সমীৰণ দাসক। উল্লেখ্য যে, সমীৰণ দাস নামৰ এই এছ ডি অ' গৰাকী নলবাৰী জিলাত কৰ্মৰত হৈ থকাৰ সময়তে এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল।

Summary

পৰৱৰ্তী সময়ত দুয়োটা পৰিয়ালৰ সন্মতিৰ ভিত্তিত বিয়াৰ কথা আগবাঢ়ে। কিন্তু তাৰ পাছতে সমীৰণ দাস আৰু তেওঁৰ পৰিয়ালে যুৱতীগৰাকীৰ ঘৰত কোনো যুৱক নথকাৰ বাবে ধন, সম্পত্তিৰ ওপৰত চকু দিবলৈ আৰম্ভ কৰে।

বিয়াৰ খৰচ, বিদেশ ভ্ৰমণ আদিৰ নামত এছ ডি অ' সমীৰণ দাসে যুৱতীগৰাকীৰ পৰিয়ালক ১ কোটি টকা দাবী কৰে। ইয়াৰোপৰি ইয়াৰে অগ্ৰীম ধন হিচাপে যুৱতীগৰাকীয়ে ২ লাখ টকাও দিয়ে।

আৰু পঢ়ক

প্ৰেমিকাক প্ৰতাৰণা কৰি আটক হ'ল SDO সমীৰণ দাসঃ দাবী কৰিছিল ১ কোটি টকা !
World Photography Day: কাজিৰঙাৰ সৌন্দৰ্যক লেন্সত আৱদ্ধ কৰি সুখী হোৱা কাকু, বিশ্বহঁতৰ কথা...
Summary

ইফালে ইয়াৰ মাজতে দুয়টো পৰিয়ালৰ সদস্য, আত্মীয় আৰু স্থানীয় লোকৰ উপস্থিতিত এই যুৱতীগৰাকীৰ সৈতে ১৪ নৱেম্বৰ ২০২০ ত আঙঠি পিন্ধুৱা পৰ্বও সমম্পন্ন হয়।যুৱতীগৰাকীৰ চিকিৎসক আৰু মাতৃ শিক্ষয়ত্ৰী হোৱাৰ বাবেই এইদৰে ধন দাবী কৰে। অৱশ্যে যুৱতীগৰাকীৰ মাতৃগৰাকীয়ে চাকৰিৰ পৰা অৱসৰণ গ্ৰহণৰ বেলিকা পাবলগীয়া ধন চিকিৎসক পিতৃৰ স্থাৱৰ সম্পত্তি বিক্ৰী কৰি বিয়াৰ পাছত ৯৮ লাখ টকা দিয়াৰ কথা কয়।

আৰু পঢ়ক

প্ৰেমিকাক প্ৰতাৰণা কৰি আটক হ'ল SDO সমীৰণ দাসঃ দাবী কৰিছিল ১ কোটি টকা !
কাৰ্গিলত বিস্ফোৰণঃ ৩ জনৰ মৃত্যু ১০ জন আহত...

কেৱল সেয়াই নহয় পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ সৈতে আইনী বিবাহৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰে যদিও বিবাহৰ আনুষ্ঠানিক পত্ৰ সংগ্ৰহ কৰাত আগ্ৰহ দেখুওৱাৰ পৰিৱৰ্তে বিভিন্ন অযুহাত দেখুৱাবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত নলবাৰীৰ পৰা গুৱাহাটীলৈ বদলি হৈ আহি ৰে'লৱেত কৰ্মৰত এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি তোলে।

এইসকলো কথা সমীৰণৰ পিতৃ, মাতৃৰ জ্ঞাতসাৰেই হোৱা বুলিও অভিযোগ উত্থাপন হৈছে। এইদৰেই সমীৰণ দাস নামৰ এইগৰাকী এছ ডি অ'ই যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে সমাজিক, শাৰীৰিক আৰু মানসিক সম্পৰ্ক স্থাপন কৰিও প্ৰৱঞ্চনা কৰা অভিযোগ উত্থাপন কৰিছে।

আৰু পঢ়ক

প্ৰেমিকাক প্ৰতাৰণা কৰি আটক হ'ল SDO সমীৰণ দাসঃ দাবী কৰিছিল ১ কোটি টকা !
ডিফুত ২ হাজাৰৰো অধিক আক্ৰান্ত ডেংগুতঃ সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব ৫ হাজাৰ পৰ্যন্ত জৰিমণা...
প্ৰেমিকাক প্ৰতাৰণা কৰি আটক হ'ল SDO সমীৰণ দাসঃ দাবী কৰিছিল ১ কোটি টকা !
ডিফুত ২ হাজাৰৰো অধিক আক্ৰান্ত ডেংগুতঃ সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব ৫ হাজাৰ পৰ্যন্ত জৰিমণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in