ডিফুত ২ হাজাৰৰো অধিক আক্ৰান্ত ডেংগুতঃ সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব ৫ হাজাৰ পৰ্যন্ত জৰিমণা...

ডিফুত ২ হাজাৰৰো অধিক আক্ৰান্ত ডেংগুতঃ সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব ৫ হাজাৰ পৰ্যন্ত জৰিমণা...
ডিফুত ২ হাজাৰৰো অধিক আক্ৰান্ত ডেংগুতঃ সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব ৫ হাজাৰ পৰ্যন্ত জৰিমণা...

ডিজিটেল সংবাদ কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ ডিফুত ডেংগুৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ডিফুত এই পৰ্যন্ত ২০০০ ৰো অধিক লোক ডেংগুত আক্ৰান্ত হোৱাৰ লগতে ৪ জনকৈ লোকৰ মৃত্যু হৈছে।

জিলাখনৰ সদৰ চহৰখনত ডেংগুৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা হৈছে যদিও সকলো প্ৰচেষ্টাই ব্যৰ্থ প্ৰমাণিত হৈছে। উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া এই সম্পৰ্কত কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপিয়ে এক সংবাদ মেল সম্বোধন কৰি জিলাখনত এই পৰ্যন্ত মুঠ ২০৪১ জন লোক ডেংগুত আক্ৰান্ত হোৱাৰ লগতে ৪ জন লোক মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে।

আৰু পঢ়ক

ডিফুত ২ হাজাৰৰো অধিক আক্ৰান্ত ডেংগুতঃ সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব ৫ হাজাৰ পৰ্যন্ত জৰিমণা...
World Photography Day: কাজিৰঙাৰ সৌন্দৰ্যক লেন্সত আৱদ্ধ কৰি সুখী হোৱা কাকু, বিশ্বহঁতৰ কথা...

তেওঁ কয়, ডিফুত ডেংগুৰ সংক্ৰমণ অনিয়ন্ত্ৰিত হৈ পৰিছে। সকলো সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিও ডিফুত ডেংগু প্ৰতিৰোধত বিফল হৈছে বিভাগটো। সেয়েহে এনে পৰিস্থিতিত এতিয়াৰে পৰা ডিফু পৌৰ সভাৰ পৰামৰ্শৰ ভিত্তিত যিসকলে সজাগতামূলক ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰিছে বিষয়াজনে।

তেওঁ কয়, ডেংগুৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যিসকলে সাৱধানতা গ্ৰহণ নকৰে তেওঁলোকে ভৰিব লাগিব জৰিমণা। এই জৰিমণা ৫০০ টকাৰ পৰা ৫০০০ পৰ্যন্ত হ’ব।

আৰু পঢ়ক

ডিফুত ২ হাজাৰৰো অধিক আক্ৰান্ত ডেংগুতঃ সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব ৫ হাজাৰ পৰ্যন্ত জৰিমণা...
খাদ্য সুৰক্ষাৰ চাউলৰ ক'লা বজাৰঃ ঢকুৱাখনা সমবায় সমিতিৰ সভাপতিক গ্ৰেপ্তাৰ...

উল্লেখ্য যে, ডিফুত এইবাৰ ডেংগুৰ সংক্ৰমণ সৰ্বাধিক। সেয়েহে এনে পৰিস্থিতিত জিলাখনৰ স্বাস্থ্য বিভাগৰ লগতে ডেংগু সংক্ৰমিত ডিফুৰ লোকসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে।  

আৰু পঢ়ক

ডিফুত ২ হাজাৰৰো অধিক আক্ৰান্ত ডেংগুতঃ সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব ৫ হাজাৰ পৰ্যন্ত জৰিমণা...
সুন্দৰী দেখিলেই ভুল নাযাবঃ একাংশ মডেলে মেলিলৈছে ব্লেক মেইলিঙৰ বজাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in