হাজোত বৰযাত্ৰীৰ লগত অহা বাহন দুৰ্ঘটনাগ্ৰস্ত, আছিল ৮ জন...

হাজোৰ খোপনিকুছিৰ মৌজাদাৰ পামত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident

ডিজিটেল ডেস্ক: হাজোৰ খোপনিকুছিৰ মৌজাদাৰ পামত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বৰযাত্ৰীৰ লগত অহা বাহন দুৰ্ঘটনাত পতিত।

Advertisment

এখন মেজিক ভানে নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিত খুন্দিওৱাৰ ফলতেই এই পথ দুৰ্ঘটনা সংঘটিত হয়। নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী আছিল মেজিক বাহনখন।

বৰ যাত্রীৰ লগত অহা বাহন আছিল মেজিক ভানখন। বাহনখনত থকা ৮ জন বিবাহ যাত্রীৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ধীৰাজ তালুকদাৰ নামৰ যুৱকজনক সংকটজনক অৱস্থাত GMCHলৈ প্রেৰণ কৰা হয়।নলবাৰীৰ বাঁহজানীৰ পৰা গুৱাহাটীৰ গড়চুকলৈ আহি আছিল বৰযাত্রী।

আৰু পঢ়ক: নাই পিতৃ-মাতৃ, অভিযন্তা হোৱাৰ মন! প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে সপোন সাৰ্থক পথ...

assam road accident nalbari hajo