নাই পিতৃ-মাতৃ, অভিযন্তা হোৱাৰ মন! প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে সপোন সাৰ্থক পথ...

গুজৰাট নিৰ্বাচনী প্ৰচাৰ তুংগত। প্ৰতিটো ৰাজনৈতিক দলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও ব্যস্ত আছে প্ৰচাৰত।প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপি প্ৰাৰ্থীসকলৰ বাবে বিভিন্ন স্থানত ৰেলীও অনুষ্ঠিত কৰিছে।

author-image
Asomiya Pratidin
New Update
নাই পিতৃ-মাতৃ, অভিযন্তা হোৱাৰ মন! প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে সপোন সাৰ্থক পথ...

শিশু দুটিৰ সৈতে মোডী

ডিজিটেল ডেস্ক: গুজৰাট নিৰ্বাচনী প্ৰচাৰ তুংগত। প্ৰতিটো ৰাজনৈতিক দলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও ব্যস্ত আছে প্ৰচাৰত।প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপি প্ৰাৰ্থীসকলৰ বাবে বিভিন্ন স্থানত ৰেলীও অনুষ্ঠিত কৰিছে।

Advertisment

দেওবাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ এটা ভিডিঅ' ভাইৰেল হৈছে। এই ভিডিঅ'টোত প্ৰধানমন্ত্ৰী মোডীক দুই শিশু অভি আৰু জয়ৰ লগত দেখা গৈছে। দুই শিশুৰ লগত কথা পাতিছে প্ৰধানমন্ত্ৰীয়ে।

জানিব পৰা মতে, প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰা শিশু দুটা অনাথ। তেওঁলোকৰ মাক দেউতাক কেইবছৰ মান আগতে মৃত্যুবৰণ কৰিছিল। এই দুয়োটা শিশুৱে ডাঙৰ হৈ অভিযন্তা আৰু কালেক্টৰ হ'ব বিচাৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে গুজৰাটৰ নেত্ৰাঙত তেওঁৰ ৰেলীৰ সময়ত এই দুই সন্তানৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, "মই ৰেলীলৈ অহাত পলম কৰিলো কিয়নো মই দুটা শিশুৰ লগত আছিলো। ডাঙৰ হৈ তেওঁলোকে অভিযন্তা আৰু কালেক্টৰ হ'ব বিচাৰে। তেওঁলোকৰ পিতৃ-মাতৃৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেওঁলোকৰ বয়স আঠ আৰু ছয় বছৰ আছিল। তেওঁলোকৰ যত্ন ল'বলৈ কোনো নাছিল।

কিন্তু চৰকাৰৰ প্ৰচেষ্টাই তেওঁলোকৰ জীৱন সলনি কৰি দিয়ে বুলি কয় মোডীয়ে । তেওঁ কয় যে পিতৃ-মাতৃৰ মৃত্যুৰ পাছত তেওঁলোকে নিজেই ইজনে সিজনৰ যত্ন লৈছিল। যেতিয়া মই এই দুটা শিশুৰ বিষয়ে গম পাইছিলো, মই দলীয় কৰ্মী চি আৰ পাটিলক তেওঁলোকক সহায় কৰিবলৈ কৈছিলো। আমি তেওঁলোকৰ শিক্ষাৰ লগতে এটা ঘৰৰ ব্যৱস্থা কৰিছিলো। আজি তেওঁলোকে ডাঙৰ হোৱাৰ সপোন দেখিছে। এনে সাহসে মোক অনুপ্ৰাণিত কৰে।

উল্লেখ্য যে, ডিচেম্বৰ মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হব গুজৰাট বিধানসভা নিৰ্বাচন। ইয়াৰ আগমুহুৰ্তত প্ৰতিটো ৰাজনৈতিক দল এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত।

আৰু পঢ়ক: মহাৰাষ্ট্ৰত নিৰ্মাণ হ'ব অসম ভৱন! লাচিত বৰফুকন সন্দৰ্ভত একনাথ সিন্দে ক'লে...

narendra modi gujarat election