বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ ! নগাঁৱত বিক্ষোভ কাৰ্যসূচী

বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ ! নগাঁৱত বিক্ষোভ কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ ! নগাঁৱত বিক্ষোভ কাৰ্যসূচী

ডিজিটেল সংবাদ,নগাঁও : বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ আৰু মঠ মন্দিৰ ধবংসৰ প্ৰতিবাদত শনিবাৰে নগাঁৱৰ হিন্দু মিলন মন্দিৰত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। ভাৰত সেৱাশ্ৰম সংঘ আৰু হিন্দুৰক্ষি দলৰ নেতৃত্বত প্ৰায় পাঁচ শতাধিক লোকে অংশ গ্ৰহণ কৰে বিক্ষোভ কাৰ্যসূচীত।

Advertisment

ইয়াৰ পাছতে হিন্দু মিলন মন্দিৰ প্ৰাঙ্গনৰ পৰা নগাঁও চহৰৰ মাজেৰে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। উক্ত ৰেলীত নগাঁও চহৰৰ বিভিন্ন মন্দিৰ সমিতিৰ লগতে কেইবাটাও হিন্দু সংগঠনে অংশ গ্ৰহণ কৰে।

বিক্ষোভকাৰীসকলে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন আৰু মঠ মন্দিৰ ধ্বংস বন্ধৰ ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰক আহ্বান জনায়।

Also Read: টেঙাখাতত পথ মেৰামতিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা 

bangladesh