/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/z8o9pkt0/67693daf-4a50-46a2-8e3d-6e4d5ff3e9c3.jpg)
ডিজিটেল সংবাদ, টেঙাখাত : গড়কাপ্তানি বিভাগ দুলিয়াজান ক্ষেত্ৰীয় পথ উপ-সংমণ্ডল টেঙাখাতৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। শনিবাৰে দিনৰ প্ৰায় ১১ বজাত সংগঠনটোৰ টেঙাখাত আঞ্চলিক সমিতিয়ে অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/t9sm5l9u/71dba892-a205-44aa-8788-c68565641507.jpg)
সংগঠনটোৰ নেতা-কৰ্মীসকলে সহকাৰী কাৰ্যবাহী অভিযন্তা অৰূপ কলিতাৰ বিৰুদ্ধে প্ৰতিবাদী ধৰ্ণা দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে। লগতে অভিযন্তাগৰাকী কাৰ্যালয়লৈ অহাৰ সময়তে প্ৰতিবাদকাৰীসকলে তেওঁক ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ কৰাও পৰিলক্ষিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/yfwh6wg1/7d5c257f-f3f7-42f3-a12e-fb7e57220a8b.jpg)
ইফালে প্ৰতিবাদৰ পাছতে কাৰ্যালয়ৰ সন্মুখৰ টেঙাখাত চাবুৱা পথটিৰ জৰাজীৰ্ণ অংশ বিভাগীয় কৰ্তৃপক্ষৰ তৎপৰতাত জৰুৰী মেৰামতি কৰা পৰিলক্ষিত হয়।
Also Read: ডাঃ সৰিতা নামৰ এগৰাকী চিকিৎসক আছিল...