মূল্যবান চেগুন কাঠ আঁতৰাই প্লাষ্টিকেৰে কাৰ্যালয়ৰ নিজা কোঠা সজাইছে নগাঁৱৰ আয়ুক্তই..

মূল্যবান চেগুন কাঠ আঁতৰাই প্লাষ্টিকেৰে কাৰ্যালয়ৰ নিজা কোঠা সজাইছে নগাঁৱৰ আয়ুক্তই..
মূল্যবান চেগুন কাঠ আঁতৰাই প্লাষ্টিকেৰে কাৰ্যালয়ৰ নিজা কোঠা সজাইছে নগাঁৱৰ আয়ুক্তই..

ডিজিটেল সংবাদ নগাঁও: উদ্যামী নগাঁৱৰ আয়ুক্ত ৷ নতুনক ভাল পায় নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৷ নতুন পৰিকল্পনা, নতুন উদ্যাম, নতুন চিন্তাৰে কাম কৰি ভাল পোৱা বুলি নগাঁৱত বিদিত হৈছে আই এ এছ নৰেন্দ্ৰ কুমাৰ শ্বাহ ৷

মন গ’লে সকলো কাম কৰিব পাৰে আয়ুক্ত শ্বাহে ৷ এই ক্ষেত্ৰত কাকো পাৰোৱা নকৰে এই বিষয়াজনে ৷ ২০২৪ বৰ্ষত নগাঁৱত সুন্দৰভাবে কাম কৰিবৰ বাবে আই এ এছ নৰেন্দ্ৰ কুমাৰ শ্বাহে সজাইছে নিজৰ চৰকাৰী কোঠা ৷

নতুন বৰ্ষৰ পৰা ন উদ্যামেৰে, ন চিন্তাৰে, ন পৰিকল্পনাৰে নগাঁৱৰ প্ৰশাসন চলাবৰ বাবে আয়ুক্ত কাৰ্যালয়ৰ কোঠা সজাইছে শ্বাহে ৷ নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ আয়ুক্তৰ নিজা কোঠাটোৰ ভিতৰভাগটোৰ বেৰত থকা কাঠ আতৰাই পেলোৱা হৈছে ৷

মূল্যবান চেগুন কাঠেৰে নিৰ্মিত কোঠাৰ বেৰ আই এ এছ নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বাবে পদন্দৰ নহয় ৷ বুবু-বাবা মতে প্ৰশাসন চলোৱাত বাধা পাইছে আয়ুক্ত শ্বাহে ৷ জানিব পৰা মতে পূৰ্বৰ উপায়ুক্ত আৰু বৰ্তমানৰ আয়ুক্তৰ কাৰ্যালয়ৰ কোঠাৰ চেগুন কাঠৰ বেৰ আছিল সকলোৰে বাবে আকৰ্ষনৰ কেন্দ্ৰ ৷

ৰাজ্যৰ বহু চৰকাৰী বিষয়াৰ কোঠা এই আৰ্হিত নিৰ্মাণ কৰা হৈছে ৷ নগাঁৱৰ আয়ুক্তৰ চৰকাৰী কোঠাৰ চেগুনকাঠৰ কাৰুকাৰ্যই ৰাজ্যতে এক আভিজাত্য বহন কৰি আহিছে ৷ এই আভিজাত্যক নসাৎ কৰি বৰ্তমানৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে মইমতালিৰে সুন্দৰ হৈ থকা চেগুন কাঠ আঁতৰাই প্লাষ্টিক লগাইছে কোঠাৰ বেৰাত ৷

লোকনিৰ্মাণ বিভাগৰ গৃহ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ নেতৃত্বত এদল অভিযন্তাই চেগুন কাঠ আঁতৰাই প্লাষ্টিকেৰে সজালে আয়ুক্তৰ কোঠা ৷ কলকতাৰ পৰা অনা বিশেষ প্লাষ্টিকৰে কলকতাৰ মিস্ত্ৰীৰ দ্বাৰা নতুন বৰ্ষৰ পৰা ভালকৈ প্ৰশাসন চলাবলৈ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কোঠা নিৰ্মাণ কৰোৱাই লোৱাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা ৷

নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত এতিয়া এখিলা কাগজক লৈ হাহাকাৰ অৱস্হা ৷ কোনো লোকে চৰকাৰী কামত কাৰ্যালয়লৈ গ’লে হাতত উকা কাগজ লৈ যাব লাগে ৷ ফটোষ্টেট কৰিবলৈকো বিকল মেচিনসমূহ ৷

সৰ্বসাধাৰণে কৰ্মচাৰীক নিজা খৰচত ফটোষ্টেট কৰাই দিয়ে ৷ কম্পিউটাৰৰ প্ৰিন্টাৰত প্ৰিন্ট দিবলৈ টনাৰত চিঞাহী নাথাকে ৷ এনে সন্ধিক্ষনত আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে চৰকাৰী কাম কৰিবলৈ কাগজ , ফটোষ্টেটৰ ব্যৱস্থা, চিঞাঁহীৰ ব্যৱস্থা নকৰি মূল্যবান চেগুন কাঠ আঁতৰাই প্লাষ্টিকৰে কোঠাৰ বেৰা নিৰ্মাণ কৰি ধন শৰাধ কৰা ঘটনাক লৈ অসন্তোষ্ট নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ৷

আনকি আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কাৰ্যালয়ৰ কোঠাত নিজে নথকাৰ সময়ত আন কোন কোঠাত প্ৰবেশ কৰে নেকি সেই কথা জানিবলৈ কেমেৰাও সংস্থাপন কৰি লৈছে ৷

মূল্যবান চেগুন কাঠ আঁতৰাই প্লাষ্টিকেৰে কাৰ্যালয়ৰ নিজা কোঠা সজাইছে নগাঁৱৰ আয়ুক্তই..
BTR চুক্তিৰ ৬.৩ নং অধীনত স্নাতক মহাবিদ্যালয়ক প্ৰাদেশিকৰণৰ ঘোষণাক আদৰণি এবছুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in