BTR চুক্তিৰ ৬.৩ নং অধীনত স্নাতক মহাবিদ্যালয়ক প্ৰাদেশিকৰণৰ ঘোষণাক আদৰণি এবছুৰ...

BTR চুক্তিৰ ৬.৩ নং অধীনত স্নাতক মহাবিদ্যালয়ক প্ৰাদেশিকৰণৰ ঘোষণাক আদৰণি এবছুৰ...

author-image
Asomiya Pratidin
New Update
BTR চুক্তিৰ ৬.৩ নং অধীনত স্নাতক মহাবিদ্যালয়ক প্ৰাদেশিকৰণৰ ঘোষণাক আদৰণি এবছুৰ...

BTR চুক্তিৰ ৬.৩ নং অধীনত স্নাতক মহাবিদ্যালয়ক প্ৰাদেশিকৰণৰ ঘোষণাক আদৰণি এবছুৰ...

ডিজিটেল ডেস্কঃ বি টি আৰ চুক্তিৰ ৬.৩ নং দফাৰ অধীনত প্ৰথম পৰ্যায়ত অঞ্চলটোৰ ১০ খন স্নাতক মহাবিদ্যালয়ক প্ৰাদেশিকৰণ কৰাৰ বাবে অসম চৰকাৰে আৰু বি টি চি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ তথা ঘোষণাক আদৰণি জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই। এই সন্দৰ্ভত এক বিবৃতিৰ জৰিয়তে এবছুৱে অসম চৰকাৰ আৰু বি টি চি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই কয়, অঞ্চলটোত এই ১০ খন স্নাতক মহাবিদ্যালয়ৰ উপৰিও এনে ধৰণৰ ১৬ খন স্নাতক মহাবিদ্যালয়ৰ লগতে উচ্চতৰ মাধ্যমিকৰ উপৰিও প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ বিদ্যালয়লৈ প্ৰাদেশিকৰণ নোহোৱাকৈ আছে। এই শিক্ষানুষ্ঠানসমূহো প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি আছে।

Advertisment

এই শিক্ষানুষ্ঠানসমূহকো শীঘ্ৰেই প্ৰাদেশিকৰণ কৰিবলৈ এবছুৱে অসম চৰকাৰৰ লগতে বি টি চি চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ আহ্বান জনাইছে। ইয়াৰোপৰি এবছুৱে কয়, নতুন শিক্ষা নীতি-২০২০ এনে এক সময়ত আহিছে যি সময়ত বেছিভাগ বিদ্যালয়েই ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাবোৰ চৰকাৰে সমাধান কৰিব লাগিব।

কিয়নো এই শিক্ষানুষ্ঠানসমূহে বৃহৎ সংখ্যক শিক্ষাৰ্থীক শিক্ষাদান কৰি আছে। ভেঞ্চাৰ স্কুলসমূহে দীৰ্ঘ সময়ৰ পৰা লাখ লাখ শিক্ষাৰ্থীক শিক্ষাপ্ৰদান কৰি আহিছে। নতুন শিক্ষানীতি কাৰ্যকৰী হোৱাৰ লগে লগে এই শিক্ষানুষ্ঠানসমূহ এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।

বিশেষকৈ একেটা চৌহদতে দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয় উন্নীতকৰণৰ কথা কোৱা হৈছে। সেয়ে এবছুৱে বি টি আৰ চুক্তিৰ ৬.৩ নং দফা সম্পূৰ্ণৰূপে ৰূপায়ণ কৰি এই সমস্যা সমাধান কৰাৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সাংবিধানিক নীতিৰ আধাৰত বি টি আৰ আৰু অসমত শিক্ষাৰ মৌলিক অধিকাৰ কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে।

Also Read: বোকাখাতৰ কুৰুৱাবাহীত দেওবাৰে মুকলি হ'ব 'অকণ ৰাজখোৱা নাট্যক্ষেত্র'...

এবছু বি টি আৰ চুক্তি