কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদ মেল

ৰহাৰ বিধায়ক শশী কান্তু দাসকো তদন্তৰ আউতালৈ অনাৰ উপৰিও সমগ্ৰ ঘটনাৰাজি তদন্তু কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন আমচুৰ
কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদ মেল

ডিজিটেল সংবাদ,নগাঁওঃ কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন( আমচুৰ)ৰ সংবাদ মেল। সংগঠনটোৱে সংখ্যালঘু ছাত্ৰ বৃত্তি আৰু প্ৰধানমন্থী ফচল বীমা যোজনা সন্দৰ্ভত সংবাদ মেলৰ আয়োজন কৰে।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত উক্ত দুয়োটা আঁচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ। প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটিয়ে।

উল্লেখ্য যে সংগঠনটিয়ে মৰিগাঁও আৰক্ষীৰ জালত পৰা কেলেংকাৰীৰ মূল অভিযুক্ত কচুৱাৰ জিয়াবুৰ ৰহমান আৰু ছাইফুল ইছলামক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। পলাতক ২নং কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলামৰ লগতে অনান্য সকলৰো গ্ৰেপ্তাৰৰ দাবী।

সংবাদ মেলখনত বহু ভুৱা বিদ্যালয়ৰ তথ্য দি সংখ্যালঘু ছাত্ৰ বৃত্তিত ব্যাপক জালিয়াতি কৰাৰো অভিযোগ তোলৰ লগতে ভুৱা বিদ্যালয়ৰ বিৰুদ্ধে গোচৰ তৰিব বুলি উল্লেখ আমচুৰ। ৰহাৰ বিধায়ক শশী কান্তু দাসকো তদন্তৰ আউতালৈ অনাৰ উপৰিও সমগ্ৰ ঘটনাৰাজি তদন্তু কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন আমচুৰ।

কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদ মেল
দুই শতাধিক মহিলাৰ চতিয়া থানা ঘেৰাও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in