পবিত্ৰ আকাশীগঙ্গাৰ জল স্পৰ্শ কৰাৰ পাছতে এগৰাকী ভক্তৰ ইহলীলা সম্বৰণ

পবিত্ৰ আকাশীগঙ্গাৰ জল স্পৰ্শ কৰাৰ পাছতে এগৰাকী ভক্তৰ ইহলীলা সম্বৰণ

ডিজিটেল সংবাদ,বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানৰ পবিত্ৰ আকাশীগঙ্গাৰ জল স্পৰ্শ কৰাৰ পাছতে মংলবাৰে নিশা এগৰাকী বৈষ্ণৱ ভক্তই ইহলীলা সম্বৰণ কৰে। প্ৰতিগৰাকী অসমীয়া লোকৰ বাবে বটদ্রৱা থান শিৰৰ মুকুট। গুৰু ভূমি এই বটদ্ৰৱা থানৰ চৌহদ ভকত-বৈষ্ণৱৰ বাবে অতি পবিত্ৰ।

সেইবাবেই এই দ্বিতীয় বৈকুণ্ঠ ধামৰ পবিত্ৰ ভূমিত শৌচ-প্ৰস্ৰাব কৰিব নোৱাৰি বাবেই কনকলতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছটো নিশা ইয়াত থকা নাছিল। এই বটদ্ৰৱা থানৰ কীৰ্ত্তনঘৰৰ উত্তৰে গুৰু শংকৰে "গঙ্গাবতৰণ" নমাই আনি আকাশীগংগা সৰোবৰ সৃষ্টি কৰিছিল বুলি বিশ্বাস।

গঙ্গাবতৰণেৰে সৃষ্ট আকাশীগংগা সৰোবৰৰ পানী স্পৰ্শ কৰি মৃত্যুবৰণ কৰা বৈষ্ণৱ ভক্তজনৰ নাম ফকিৰ চৰন নায়ক। তেওঁৰ ঘৰ উৰিষ্যাৰ কুচপাংগীগ্ৰামত। ৭০ বছৰীয়া বৈষ্ণৱ ভকতজনে অঞ্চলটোৰ ৫০ গৰাকী তীৰ্থযাত্ৰীৰ লগত বটদ্ৰৱা থানলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ আহিছিল।

সকলো সমবেত হৈ বটদ্ৰৱা থানত উপস্থিত হৈ কীৰ্তনঘৰত সেৱা গ্ৰহণ কৰি, গুৰু স্মৃতি বিজড়িত স্থানসমূহ দৰ্শন কৰিছিল। পাছত নিশা যাবৰ পৰত উৰিষ্যাৰ এই তীৰ্থযাত্ৰী সকলে হিচাপ কৰি গম পাই যে তেওঁলোকৰ মাজত কোনোবা এজন নাই। পাছত স্থানীয় লোকৰ সহযোগত বিচাৰ খোচাৰ কৰি অৱশেষত আকাশী গংগাৰ উত্তৰ দিশে থকা পলাশ তলৰ এটি পুৰণি ঘাটত তেওঁক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে।

ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও যাত্ৰা পথতে তেওঁৰ মৃত্যু হয়। হিন্দু বিশ্বাস অনুসৰি, গংগাৰ জল স্পৰ্শত আত্মাই মুক্তি পায়। বৈষ্ণৱ ভক্ত ফকিৰ চৰনেও যেন জীৱনৰ শেষ কালত আহি অসমৰ গংগা সদৃশ বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত দেহ ত্যাগ কৰি সৰগত স্থান লাভ কৰিলে। ফকিৰ চৰনেৰ এই বিয়োগৰ খবৰ আজি বটদ্ৰৱা তথা নগাঁও জিলাৰ আতাইতকৈ চৰ্চা আৰু ৰহস্যৰ বিষয় হিচাপে পৰিগণিত হৈছে।

পবিত্ৰ আকাশীগঙ্গাৰ জল স্পৰ্শ কৰাৰ পাছতে এগৰাকী ভক্তৰ ইহলীলা সম্বৰণ
নলবাৰীত চেনিটেৰী নেপকিন-ভেণ্ডিং মেচিন বিতৰণৰ শুভাৰম্ভ কার্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in