/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c3ee3f72-de41-4264-85b1-318e3d6a9e09/316.jpg)
ডিজিটেল ডেস্ক : ৰাইজৰ সর্বাংগীণ উন্নয়ন মূল লক্ষ্য। এই লক্ষ্য আৰু উদ্দেশ্যে আগত ৰাখি বুধবাৰে নলবাৰীত মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্লবৰুৱাই একাধিক উন্নয়নমুখী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b0bc710d-4dd7-40fe-9abe-f5458c0cc57e/406736978_992824032204613_7150231649301262219_n.jpg)
জিলা প্রশাসনৰ উদ্যোগত, নলবাৰী জিলা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু জিলা মহিলা সবলীকৰণ কেন্দ্ৰ, নলবাৰীৰ সহযোগত বেটি বচাও বেটি পঢ়াওৰ অধীনত চেনিটেৰী নেপকিন আৰু ভেণ্ডিং মেচিন বিতৰণ কার্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী বৰুৱাই। শুভাৰম্ভ কৰি জয়ন্ত মল্লবৰুৱাই কয় যে,এই মেচিন স্কুল-কলেজত বিতৰণ কৰা হ'ব। এই ব্যৱস্থাই দুখীয়া পৰিয়ালৰ ছোৱালীক মাহেকীয়াৰ সময়তো শ্রেণীত উপস্থিত থকাত সহায় কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9356861d-b7f2-4a47-b53c-102a2f2871dd/406693369_992823998871283_2264389371432658367_n.jpg)
উক্ত অনুষ্ঠানতে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, নলবাৰীৰ উদ্যোগত আত্মসহায়ক গোটক আনুষ্ঠানিকভাৱে বেংক ঋণ প্রদান কৰে। মুঠ ৯১৭ টা আত্মসহায়ক গোটক ৬৬ কোটি ৯৯ হাজাৰ টকা প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0e5729a3-5ea7-4526-a78f-375d9ba77a91/406689672_992824088871274_5051803876591322668_n.jpg)
ইয়াৰোপৰি নলবাৰী পৌৰসভা আৰু টিহু পৌৰসভাৰ সহযোগত স্বচ্ছ ভাৰত অভিযান(নগৰ)ৰ আর্হিত নির্মাণ কৰা 'প্রজ্ঞা এপ' মুকলি কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ যোগেদি নলবাৰী আৰু টিহুবাসী ৰাইজে স্বচ্ছতা সম্পর্কীয় সকলো ধৰণৰ লাগতীয়াল তথ্য আৰু সুবিধা লাভ কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্লই আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c9693ea8-4378-4f30-b094-c98f310c4a87/406731114_992823882204628_3158298859023528350_n.jpg)
ইফালে জল জীৱন মিছনৰ হৈ কাম কৰি পাৰদর্শিতা দেখুওৱা জলদূত, জলমিত্র আৰু FTK পানী পৰীক্ষা কৰা মহিলা গোটক উক্ত অনুষ্ঠানতে বঁটা প্ৰদান কৰে ৷ উক্ত অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়ববীয়া, বিভিন্ন ক্ষেত্ৰৰ বিষয়া-কৰ্মচাৰীৰ লগতে আন আন ব্যক্তিসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7c0b95d6-3353-4173-aabe-e757ba30baaa/406690319_992823958871287_2032404989001452239_n.jpg)
Also Read: পুৰী মহোৎসৱ ২০২৩ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিৰসত নিমজ্জিত পুৰী