/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/65f9ca92-19fa-45c6-aba1-d92b7250112e/rajyapal.jpg)
জীপ চাফাৰী
ডিজিটেল ডেস্ক, মায়ংঃ পবিতৰাত উপস্থিত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া । মঙলবাৰে পুৱা ১০ বজাত সপত্নীক লৈ উপস্থিত হৈ পবিতৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰে ৰাজ্যপাল গৰাকীয়ে । জীপ চাফাৰী কৰি বিনন্দীয়া পবিতৰাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8bcae9f1-dbd2-4bcf-a999-abf76b0da427/ec64d914_68ae_4eba_9f22_00ab8b2cddcf.jpg)
পবিতৰাৰ ডাক বাংলাৰ সন্মুখত আৰক্ষী প্ৰশাসনৰ অভিবাদন গ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে । ইয়াৰ পিছতেই হাডুক ওলোমা সেতু পদব্ৰজে পাৰ হৈ অভয়াৰণ্যত প্ৰবেশ কৰে ৰাজ্যপাল গৰাকী লগতে তেখেতৰ সহধৰ্মিনী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d5e71f32-1fcf-4c86-8c6d-e48c741a0c0b/d0c43ca9_7594_4428_a5d3_d6de90241566.jpg)
এখন সজাই পৰাই ৰখা সেউজীয়া ৰঙৰ জীপ গাড়ীত উঠি অভয়াৰণ্য খনৰ হাডুক আৰু তামুলিডোভা অঞ্চল পৰিদৰ্শন কৰি কেইবাটাও গড় প্ৰত্যক্ষ কৰে ।
আজি ৰাজ্য পাল গৰাকীক অভয়াৰণ্য দৰ্শন কৰাৰ সময়ত সংগ দিয়ে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই। লগতে উপস্থিত থাকে পবিতৰাৰ ডিএফ অ,মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু আৰু জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস।