২৪০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ ভাৰত-আমেৰিকাৰ...

ভাৰতীয় নৌসেনাৰ মিছাইল-টৰ্পেডোৰ বাবে ২৪০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিব ভাৰত আমেৰিকাৰ

author-image
Asomiya Pratidin
New Update
২৪০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ ভাৰত-আমেৰিকাৰ...

ডিজিটেল ডেস্ক: ভাৰতীয় নৌসেনাৰ মিছাইল-টৰ্পেডোৰ বাবে ২৪০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিব ভাৰত-আমেৰিকাই। ভাৰতে সামৰিক অস্ত্ৰ-শস্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যেৰে বহু পদক্ষেপ হাতত লৈ আহিছে। সেই একে উদ্দেশ্যেৰে শেহতীয়াকৈ ভাৰতে অন্য এক পদক্ষেপ হাতত লোৱাৰ পৰিলক্ষিত হয়।

Advertisment

হেলফায়াৰ মিছাইল আৰু মাৰ্ক ৫৪ এণ্টি-চাবমেৰিন টৰ্পেডোকক সামৰি আমেৰিকান অস্ত্ৰ ক্ৰয় কৰিবলৈ শীঘ্ৰেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে এক অস্ত্ৰ চুক্তি স্বাক্ষৰ কৰিব ভাৰতে। ভাৰতীয় পৰিকল্পনাৰ মতে ভৱিষ্যতে নৌসেনাত সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হ'বলগীয়া ২৪ খন এম এইচ-৬০ হেলিকপ্টাৰত এই অস্ত্ৰসমূহ সংযোগ কৰা হ'ব।

উল্লেখ্য যে, হেলফায়াৰ মিছাইল হ’ল নিৰ্দিষ্ট-নিৰ্দেশিত অস্ত্ৰ,  যি অস্ত্ৰ আমেৰিকান বাহিনীয়ে দূৰৈৰ লক্ষ্য ভেদ কৰিবলৈ ব্যৱহাৰ কৰে। আন প্ৰধান অস্ত্ৰবোৰৰ ভিতৰত এম.কে. ৫৪ লাইটৱেটয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাগৰ পৃষ্ঠৰ জাহাজ, স্থিৰ-উইং বিমান আৰু হেলিকপ্টাৰত ব্যৱহাৰ কৰাৰ লগতে প্ৰাথমিক এণ্টি-চাবমেৰিন যুদ্ধ অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰি আহিছে।

আনহাতে ইতিমধ্যে ভাৰতীয় নৌসেনাৰ পি-৮ আই এণ্টি-চাবমেৰিন যুদ্ধ আৰু নিৰীক্ষণ বিমানত এই অস্ত্ৰ অন্তৰ্ভুক্ত কৰিছে। উল্লেখ্য যে, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে চৰকাৰী চুক্তিৰ দ্ৰুত প্ৰক্ৰিয়াৰ অধীনত ২০২০ চনত লকহিড মাৰ্টিনৰ পৰা ২৪ খন এমএইচ-৬০ ৰোমিঅ' হেলিকপ্টাৰ ক্ৰয় কৰাৰ বাবে ১৬,০০০ কোটি টকাৰো অধিক চুক্তি স্বাক্ষৰ কৰিছিল।

Also Read: ৰঙা-বগা মানেই গামোছা নহয়, অযথা বিতৰ্কত ম্লান নকৰিব গামোছাৰ সন্মান

Government of India