মঙলদৈত ওলাব পাৰে খাৰুৱা তেল...

মঙলদৈৰ পথাৰে পথাৰে খাৰুৱা তেলৰ সন্ধানত তেল কোম্পানীৰ অনুসন্ধানকাৰী দল...

author-image
Asomiya Pratidin
New Update
মঙলদৈত ওলাব পাৰে খাৰুৱা তেল...

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত হ'ব পাৰে খাৰুৱা তেলৰ শোধনাগাৰ। খাৰুৱা তেলৰ সন্ধানত তেল কোম্পানীৰ শতাধিক লোকে মঙলদৈৰ ঔতলা, অহকা, মুৰফুলি, চৌধুৰী পাৰা, বালি পোটা আদি অঞ্চলত অনুসন্ধান চলায়। অঞ্চলবোৰত অনুসন্ধানকাৰী দলে সপ্তাহ দিন ধৰি সন্ধান চলাই আছে খাৰুৱা তেলৰ।

Advertisment

অনুসন্ধানকাৰী দলটোৱে জনোৱা মতে, তেল কোম্পানীৰ অনুসন্ধান গোটৰ জৰিয়তে বৰপেটাৰ পৰা আৰম্ভ কৰি মঙলদৈলৈ এই অনুসন্ধান কাৰ্য চলাই থকা হৈছে। খাৰুৱা তেল অনুসন্ধানৰ ফলাফলত নিৰ্ভৰ কৰিব এই সন্ধানৰ গুৰুত্ব।

উল্লেখ্য যে, এই অনুসন্ধানক আদৰণি জনাইছে ঔতলা অঞ্চলবাসীয়ে। অঞ্চলবাসীয়ে আশা প্ৰকাশ কৰে অনাগত দিনত এই অনুসন্ধানে অসমৰ তৈলক্ষেত্ৰত এক মাত্ৰা প্ৰদান কৰিব আৰু এই অঞ্চলত যদিহে খাৰুৱা তেলৰ সন্ধান পাই তেতিয়া জিলা খনৰ সকলো দিশতে উন্নয়ন হ'ব।

Also Read: উত্তৰ কোৰিয়াৰ সাম্ৰাজ্যবাদী শাসনৰ সকলো ৰহস্য উদঙাই দিয়া যুৱতীগৰাকী

darrang mangaldai