উত্তৰ কোৰিয়াৰ সাম্ৰাজ্যবাদী শাসনৰ সকলো ৰহস্য উদঙাই দিয়া যুৱতীগৰাকী

উত্তৰ কোৰিয়াৰ সাম্ৰাজ্যবাদী শাসনৰ সকলো ৰহস্য উদঙাই দিয়া যুৱতীগৰাকী

ডিজিটেল ডেস্ক : উত্তৰ কোৰিয়াৰ সাম্ৰাজ্যবাদী শাসন সন্দৰ্ভত কোন পৰিচিত নহয় ? চুপ্ৰীম লিডাৰ কিমজং উনৰ স্বৈৰাচ্চাৰী শাসনৰ বিৰুদ্ধে মাত মাতিবলৈও সক্ষম নহয় দেশৰ নাগৰিকসকল । দেশখনত নাই কোনো সামাজিক মাধ্যমৰ ব্যৱস্থা, সকলো পুৰুষৰ চুলি হ'ব লাগিব কিম জং উনৰ দৰেই । এই পৰ্যায়ত সাম্ৰাজ্যবাদৰ পৰিসৰ বিয়পি আছে দেশখনত ।

কিন্তু এই দেশখনৰ আন বহু নিয়মে বিশ্ববাসীৰ চকু কপালত তুলিছে শেহতীয়াকৈ । কিম জং উনৰ বিৰুদ্ধে মন্তব্য কৰিলে ব্যক্তি গৰাকীৰ ৮টা প্ৰজন্ম পৰ্যন্ত কাৰাবন্দী হ'ব লাগিব । প্ৰত্যেকখন ঘৰৰ প্ৰত্যেকটো কোঠাত থাকিব কিম জং উনৰ ফটো । প্ৰত্যেক মাহে হোৱা নিৰীক্ষণৰ সময়ছোৱাত এই ফটোত ধূলি লাগি থকা দেখিলেই পৰিয়ালটোৰ ৩টা প্ৰজন্ম পৰ্যন্ত কাৰাবন্দী হ'ব লাগিব ।

এই দেশত নাই আমোদ-প্ৰমোদৰো কোনো ব্যৱস্থা । অৱশ্যে দেশখনৰ শাসক কিম জং উনৰ বাবে বেলেগ ব্যৱস্থা । সমগ্ৰ দেশখনত ২ হাজাৰৰো অধিক ৰিজৰ্টত চুপ্ৰীম লিডাৰ গৰাকীৰ বাবে আমোদ-প্ৰমোদৰ ব্যৱস্থা আছে বিভিন্ন ধৰণে ।

এই সকলো কথা শেহতীয়াকৈ উদঙাই দিছে উত্তৰ কোৰিয়াৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা মানৱ অধিকাৰ কৰ্মী ইয়ন্মি পাৰ্ক নামৰ এগৰাকী যুৱতীয়ে । অতি সাহসিকতাৰে বিশ্বৰ বিভিন্ন সামাজিক মাধ্যমত কিম জং উনৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া এই গৰাকী যুৱতী এতিয়া প্ৰাণৰ সংশয়ত । যুৱতীগৰাকীৰ ভাষ্য অনুসৰি, যিখন দেশতেই উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰদূত আছে সেই দেশতেই নিৰাপদ নহয় যুৱতীগৰাকী । যাৰ বাবেই এতিয়া কেৱল আমেৰিকা আৰু ব্ৰিটেনৰ মাজত বাবে বাবে স্থান সলনি কৰি ফুৰিব লগীয়া হৈছে । তেখেতৰ ভাষ্য অনুসৰি, কিম জং উনৰ ভাতৃ কিম জং মানকো একদৰেই হত্যা কৰা হৈছিল চুপ্ৰীম লিডাৰৰ নিৰ্দেশত । যিকোনো মুহুৰ্ততে তেনে কোনো ঘটনা সংঘটিত হ'ব পাৰে ইয়ন্মি পাৰ্কৰ সৈতেও ।

যুৱতীগৰাকীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ "ফ্লেগৰেন্ট" নামৰ এটি ইউটিউব চেনেলৰ পডকাষ্টত জনোৱা অনুসৰি, উত্তৰ কোৰিয়াৰ এগৰাকী শীৰ্ষ বিষয়াই কিম জং উনৰ বিৰুদ্ধে মন্তব্য কৰি পলায়ন কৰিছিল দেশখনৰ পৰা । তাৰ পাছতেই সৰ্বমুঠ ৩০ হাজাৰ ব্যক্তিক কাৰাদণ্ড বিহা হৈছিল কেৱল তেওঁৰ সৈতে তেজৰ সম্পৰ্ক থকাৰ বাবেই । এইসকল কোনোবা নহয় কোনোবা ধৰণে সম্পৰ্কীয় আছিল ব্যক্তিগৰাকীৰ । এনে এক ভয়ংকৰ শাসকৰ বিৰুদ্ধে মাত মাতিবলৈও লাগে চূড়ান্ত সাহসৰ । যি সাহসৰ পৰিচয় দি এতিয়া এই যুৱতীগৰাকী সমগ্ৰ বিশ্বতেই সমাদৃত । কিন্তু কোনোবা দিনা এই স্বৈৰাচ্চাৰী শাসনৰ পৰা মুক্ত হ'ব নে উত্তৰ কোৰিয়া ? এখন দেশৰ সমগ্ৰ জনতাক এইদৰে আৱদ্ধ কৰি ৰখা কিম জং উনৰ শুভবুদ্ধিৰ উদয় হ'ব নে কাহানিও ?

উত্তৰ কোৰিয়াৰ সাম্ৰাজ্যবাদী শাসনৰ সকলো ৰহস্য উদঙাই দিয়া যুৱতীগৰাকী
বোকাখাত গড়কাপ্তানি বিভাগৰ আশীষধন্য ঠিকাদাৰৰ কামৰ নমুনা : নির্মাণকালতে ফাট মেলিলে পকী দলঙৰ গার্ডৱালে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in