দৰং জিলাতো লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন...

বৃহস্পতিবাৰে কেন্দ্ৰীয় কাৰ্যসূচী মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
দৰং জিলাতো লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন...

darrang

ডিজিটেল সংবাদ, মঙলদৈ : অসমীয়া জাতিৰ স্বাভিমান মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন উপলক্ষে বৃহস্পতিবাৰে কেন্দ্ৰীয় কাৰ্যসূচী মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত মহাবীৰগৰাকীৰ অদম্য সাহস আৰু ত্যাগক স্মৰণ কৰা হয়।

Advertisment

বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড০ কনক চন্দ্ৰ চহৰীয়া। মহাবীৰ লাচিত বৰফুকনৰ এই পূণ্য তিথিত বীৰগৰাকীৰ প্ৰতি তেওঁ গভীৰ শ্ৰদ্ধা জনায় আৰু দেশৰ প্ৰতি বীৰগৰাকীৰ অৱদানৰ বিষয়ে আলোকপাত কৰে ।

তেওঁ শৰাইঘাটৰ যুদ্ধত লাচিতৰ ভূমিকাৰ বিষয়ে কয় আৰু দেশৰ বাবে লাচিতৰ ত্যাগ, দেশপ্ৰেম আদিৰ বিষয়ে বক্তব্য আগবঢ়ায়। জাতি নিৰ্মাণত লাচিত বৰফুকনৰ ভূমিকাক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব লাগে বুলি মন্তব্য কৰে । লাচিতৰ নিৰন্তৰ সাধনা আছিল আৰু তেওঁ কেনেকৈ পদোন্নতি পাইছিল সেইকথা উল্লেখ কৰি ছাত্র-ছাত্ৰীসকলক লাচিতৰ আদৰ্শ অনুকৰণ কৰিবলৈ আহ্বান জনায় । দেশ আৰু জাতিৰ বাবে লাচিত বৰফুকনৰ যি অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলিও তেওঁ বক্তব্যত উল্লেখ কৰে।

অনুষ্ঠানত জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই মহাবীৰ লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ কৰ্মৰাজিৰ অৱদান আমি অধ্যয়ন কৰিব লাগে আৰু উদ্ধুদ্ধ হ'ব লাগে বুলি মন্তব্য কৰে । শৰাইঘাটৰ যুদ্ধত দৰং জিলাৰ ১২ হাজাৰ সৈনিকে অংশগ্ৰহণ কৰি যি অৱদান আগবঢ়াইছিল তাৰ বিষয়েও তেওঁ উল্লেখ কৰে ।

জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত লাচিত দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয় । দৰং জিলাৰ বিদ্যালয়সমূহৰ ছাত্র-ছাত্রীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, মহাবিদ্যালয়সমূহত কুইজ প্ৰতিযোগিতা, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লাচিত বৰফুকনৰ শ্ৰেষ্ঠ লিখনিৰ বিজয়ীসকলক নগদ ধন, প্ৰশস্তি পত্ৰ আৰু ট্ৰফি প্ৰদান কৰা হয় ।

অনুষ্ঠানত আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া, মুখ্য কাৰ্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ, অতিৰিক্ত উপায়ুক্তসকল, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বহু বিশিষ্ট ব্যক্তি, শিল্পী আদি উপস্থিত থাকে । উল্লেখযোগ্য যে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দেৱাল অংকন কাৰ্যসূচীৰো শুভ উদ্বোধন কৰে জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ।

আৰু পঢ়ক : নগাঁৱত সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ উদ্যোগত লাচিত দিৱস উদযাপন...

assam lachit divas darrang