নগাঁৱত সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ উদ্যোগত লাচিত দিৱস উদযাপন...

বিভিন্ন কাৰ্যসূচীৰে নেতাজী বিদ্যালয়ৰ প্রাঙ্গণত উদযাপন কৰা হয় লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী
nagaon
nagaon

ডিজিটেল সংবাদ, বেবেজীয়া :- সমগ্ৰ দেশৰ লগতে নগাঁৱতো ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ উদ্যোগত, নেতাজী বিদ্যাপীঠৰ সহযোগত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে নেতাজী বিদ্যালয়ৰ প্রাঙ্গণত উদযাপন কৰা হয়।

দিৱস উপলক্ষে বীৰজনাৰ প্রতিচ্ছবিত মাল্যার্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কলংপাৰ কাকতৰ সম্পাদক, বিশিষ্ট সমাজকর্মী ভৱেন বৰা আৰু সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্র নাথে। জন্ম জয়ন্তী উপলক্ষে ছাত্র-ছাত্ৰী সকলৰ মাজত লাচিত বৰফুকনৰ বিষয়ে এক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি দিনৰ ১২.০০ বজাৰ পৰা এখনি মুকলি সভা আয়োজন কৰা হয়।

সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে কলংপাৰ কাকতৰ সম্পাদক ভৱেন বৰা, সমাজকৰ্মী মুকুট বৰা আৰু সন্থাৰ অধীক্ষক অপূৰ্ব শৰ্মাই অংশ গ্ৰহণ কৰি লাচিত বৰফুকনৰ জীৱন-কৃতীৰ ওপৰত বক্তব্য প্ৰদান কৰে।

নেতাজী বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপা ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সন্থাৰ স্বাস্থ্যকর্মী সন্ধ্যাৰাণী দুৱৰাই লাচিত বৰফুকনৰ ওপৰত স্বৰচিত কবিতা পাঠ কৰে। জাতীয় সংগীতেৰে সামৰণি মৰা সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই সন্থাৰ প্ৰকল্প বিষয়া ৰুনজুন বৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in