/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c3ddd70a-549c-4923-b298-c5e9876cf040/okokok.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড়: বৃহত্তৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ এচাম প্ৰতিপত্তিশালী ব্যক্তিয়ে চলাইছে আধিপত্য। সমবায় সমিতি গঠনৰ নামত নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গেথুপথাৰ অঞ্চলৰ কাষেৰে বৈ যোৱা বুঢ়ীদিহিং নদীৰ বুকুত থকা মাজুলীত ৰিজৰ্ট খোলাৰ চলেৰে মাজুলী দখলৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গভীৰ অভিযোগ উত্থাপন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c634c6f9-77cb-43e7-b62e-988414acd167/WhatsApp_Image_2022_12_28_at_5_37_27_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4e117322-03e3-4be4-b8d0-84a357140dec/WhatsApp_Image_2022_12_28_at_5_37_45_PM.jpeg)
সাতভনী বহুমুখী সমবায় সমিতি লিমিটেড নামেৰে এক সংস্থা খুলি অঞ্চলটোৰ প্ৰতিপত্তিশালী লোক কেইজনমানে প্ৰথমাৱস্থাত বুঢ়ীদিহিঙৰ সেই স্থানত খেতিখোলা আৰম্ভ কৰি বিভিন্ন পাচলি আদিৰ খেতি কৰি আত্মনির্ভৰশীল হোৱাৰ প্ৰচেষ্টাত ব্ৰতী হৈছিল। কিন্তু সময় বাগৰাৰ লগে লগে সমিতিখনে এই মাজুলীত ৰিজৰ্ট খোলাৰ চলেৰে চৰকাৰী মাটি দখল কৰিবলৈ নামি পৰাত অঞ্চলবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c70ea6bf-1173-4794-9469-6e5d422a451f/WhatsApp_Image_2022_12_28_at_5_37_44_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ca26d797-e49c-47f0-8bf0-6b77272cab9f/WhatsApp_Image_2022_12_28_at_5_37_46_PM.jpeg)
২০১৮ চনতে পঞ্জীয়ন কৰা সমিতি খনে এইক্ষেত্ৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাষ চপাত মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয়টো লক্ষ্য ৰাখিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছিল । কিন্তু উক্ত পক্ষই কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বেই কিদৰে চৰকাৰী মাটিত পকীঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হল তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
তাতোকৈও আচৰিত কথা, স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে এই সমিতি খনে নিজৰ কাৰ্যালয় যি স্থানত স্থাপন কৰিছে, সেই ভূমিও প্রকৃততে অইল ইণ্ডিয়া লিমিটেডৰ অধীনৰহে। অভিযোগ মতে সমিতিখনে এই মাটিখিনি বলপূৰ্বক দখল কৰি তাত তেওঁলোকৰ কায্যালয় স্থাপনতে খ্যান্ত নাথাকি তাত বিভিন্ন গৃহ নিৰ্মাণ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানক ভাড়ালৈ দিও মুনাফা লুটি আহিছে। এনে ক্ষেত্ৰত এক ৰহস্যময় শক্তিৰে মহীয়ান এই সমিতিখনক এতিয়া প্ৰশাসনে কিদৰে প্ৰতিহত কৰিব সেয়া প্ৰশ্নবোধক হৈ পৰিছে।