পুনৰ গা কৰি উঠিছে কভিড-১৯! IMA ৰ বিশেষ পৰামৰ্শ

পুনৰ গা কৰি উঠিছে কোৰোনা ভাইৰাছে। প্ৰায় এবছৰৰ পূৰ্বে কোৰোনাৰ যি ত্ৰাস বিশ্বত চলি আছিল সেয়া পুনৰ ঘূৰি অহাৰ পথত।

author-image
Asomiya Pratidin
New Update
পুনৰ গা কৰি উঠিছে কভিড-১৯! IMA ৰ বিশেষ পৰামৰ্শ

ডিজিটেল ডেস্ক:  পুনৰ গা কৰি উঠিছে কোৰোনা ভাইৰাছে। প্ৰায় এবছৰৰ পূৰ্বে কোৰোনাৰ যি ত্ৰাস বিশ্বত চলি আছিল সেয়া পুনৰ ঘূৰি অহাৰ পথত। ইতিমধ্যে কোৰোনাক লৈ ৰাজ্য বা কেন্দ্ৰ চৰকাৰ সমূহে বিশেষ সাৱধানতা অৱলমন্বন কৰাৰ বাবে আহ্বান জনাইছে জনতাক।

Advertisment

ইয়াৰ মাজতে ইণ্ডিয়ান মেডিকেল এছোচিয়েশ্যন(IMA) বুধবাৰে কোৰোনাক লৈ ৰাজ্য সমূহক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে।

আই এম এ সকলো চিকিৎসকক আৰু স্বাস্থ্য বিভাগৰ লগত জড়িত লোক সকলক অধিক সক্ৰিয় হবলৈ আহ্বান জনাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ , জাপানকে ধৰি অন্যান্য দেশত কোভিড-১৯ নতুন ভেৰিয়েন্টত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি আইএমএ-য়ে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে এয়াও কোৱা হৈছে যে ভাৰতত পৰিস্থিতি উদ্বেগজনক নহয় গতিকে শংকিত হোৱাৰ প্ৰয়োজন নাই। কিন্তু সকলোৱে সতৰ্কতা অৱলম্বন কৰাতো প্ৰয়োজন।

আই এম এ কয় যে দেশৰ প্ৰায় ৩.৫ লাখ চিকিৎসক কভিডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু। লগতে এই আশ্বাস দিয়ে যে ই সকলো ধৰণৰ প্ৰতিৰোধমূলক আৰু নিৰাময়মূলক ব্যৱস্থাত চৰকাৰৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব।

ইয়াৰোপৰি চৰকাৰকো ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সকলো প্ৰস্তুতি কৰাৰ আহ্বান জনায়। বিশেষকৈ সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহক অক্সিজেন যোগান, এম্বুলেন্স আৰু ঔষধৰ উপলব্ধতা নিশ্চিত কৰিবলৈ কয়।

ইয়াৰ লগতে বিদেশ ভ্ৰমণ আদিৰ পৰা বিৰত থকাৰ লগতে জ্বৰ, কাহ, ছৰ্দি আদি হ'লে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনায়।

আৰু পঢ়ক: অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ...

iam covid vaccine CORONA VIRUS