/asomiyapratidin/media/media_files/2026/03/02/jpg-2026-03-02-14-09-14.jpeg)
ডিজিটেল ডেস্ক: বৃহত্তৰ জালুকবাৰী ২ নং ৱাৰ্ডবাসী ৰাইজৰ উদ্যোগত এইবেলি প্ৰথম বাৰৰ বাবে মহা ৰুদ্ৰ যজ্ঞৰ আয়োজন কৰা হৈছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰে’লৱে উৰণীয়া সেঁতুৰ সমীপৰ পূজা বাকৰিত ১৩ৰ পৰা ১৫ মাৰ্চলৈ এই মহা ৰুদ্ৰ যজ্ঞ অনুষ্ঠিত হ'ব।
ৰুদ্ৰ যজ্ঞৰ প্ৰথম দিনা অৰ্থাৎ ১৩ মাৰ্চৰ পূৱা ১০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব মহা ৰুদ্ৰ যজ্ঞৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ দত্তই। বিয়লি ৪ বজাত মহা ৰুদ্ৰ যজ্ঞৰ দ্বাৰ মুকলি কৰিব ড॰ গোকুলানন্দ দেৱ গোস্বামীয়ে। সন্ধিয়া ৫ বজাত যজ্ঞ মণ্ডপ মুকলি কৰিব ২নং ৱাৰ্ডৰ পাৰিষদ মুকুল কলিতাই। সন্ধিয়া ৫.৩০বজাত বন্তি প্ৰজ্বলন কৰা হ’ব।
১৪ মাৰ্চৰ পুৱা অভ্যুদয়িক শ্ৰাদ্ধ। ১০ বজাত জল আৰোহন আৰু শোভাযাত্ৰাৰ পাছতে সূৰ্য্যাগ্নি গ্ৰহণ আৰু পূৰ্ণাহুতি আৰম্ভ হ’ব। ১৫ মাৰ্চৰ পুৱা ৭ বজাত পূজা আৰম্ভ হৈ দিনৰ ১ বজাত পূৰ্ণাহুতি প্ৰদান, ১.৩০বজাত আহুতি প্ৰদান, শান্তি আৰ্শীবাদ আৰু ভোগ বিতৰণ কাৰ্যসূচীৰ পাছতে মহা ৰুদ্ৰ যজ্ঞৰ অন্ত পৰিব।
সকলো ৰাইজৰ উপস্থিতি কামনা উদ্যোক্তা সমিতিৰ
মহা ৰুদ্ৰ যজ্ঞ আটাইকেইদিনৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে যজ্ঞ উদযাপন সমিতিৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ দত্ত, উপ-সভাপতি কিশোৰেশ দাস, কাৰ্যকৰী সভাপতি বীৰেন তালুকদাৰ, চবিন চন্দ্ৰ কলিতা আৰু সম্পাদক মুকুল কলিতাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us