/asomiyapratidin/media/media_files/2026/02/23/pg-2026-02-23-16-00-10.jpeg)
ডিজিটেল ডেস্ক: পৰিয়ালত কোনো জ্যেষ্ঠ সদস্যৰ মৃত্যু মানেই কেৱল মানসিক আঘাত নহয়, বহু সময়ত ই সম্পত্তি সন্দৰ্ভত বিভ্ৰান্তি আৰু বিবাদৰ সৃষ্টি কৰে। বিশেষকৈ ঘৰৰ মূল মানুহগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ গহনা বোৱাৰীয়েক নে কন্যাই পাব, তাক লৈ বিবাদ হয়। বহুতেই ভাৱে তেওঁ যাক বেছি বিশ্বাস কৰিছিল, গহনাবোৰো তেওঁৰেই হ’ব। কিন্তু বাস্তৱত এই বিষয়টো সম্পূৰ্ণৰূপে আইনৰ অধীন।
উইল থাকিলে সিদ্ধান্ত স্পষ্ট
যদি শাহুৱেকে জীৱনকালত এখন বৈধ উইল প্ৰস্তুত কৰি থৈ যায়, তেন্তে গহনা কোনে লাভ কৰিব সেই বিষয়ে কোনো সন্দেহ নাথাকে। উইলত যাৰ নাম স্পষ্টকৈ উল্লেখ কৰা থাকে, গহনাবোৰ তেওঁৰেই হয়। সেয়া বোৱাৰীয়েক হওক বা কন্যাই হওক, আইনৰ চকুত সম্পৰ্কতকৈ আইনী নথিখনেই অধিক গুৰুত্বপূৰ্ণ।
আইনৰ দৃষ্টিত উইল এক শক্তিশালী দলিল। যেতিয়ালৈকে প্ৰৱঞ্চনা, জোৰ-জবৰদস্তি বা জালিয়াতিৰ সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নাযায়, তেতিয়ালৈকে পৰিয়ালৰ আন সদস্যই সেই উইলক প্ৰত্যাহ্বান জনাব নোৱাৰে। সেয়ে গহনা কন্যাৰ নামত লিখা থাকিলে কন্যাই হ’ব বৈধ মালিক, আৰু বোৱাৰীৰ নাম থাকিলে বোৱাৰীয়েই আইনী অধিকাৰ লাভ কৰিব।
উইল নাথাকিলে কেনেকৈ ভাগ হ’ব ?
যদি শাহুৱেকে কোনো উইল নকৰাকৈ মৃত্যুবৰণ কৰে, তেন্তে সম্পত্তি আইন অনুসৰি ভাগ কৰা হয়। এনে অৱস্থাত গহনাবোৰ তেওঁৰ আইনী উত্তৰাধিকাৰীৰ মাজত সমানে বণ্টন হয়। সাধাৰণতে এই উত্তৰাধিকাৰীৰ তালিকাত থাকে স্বামী, পুত্ৰ, কন্যা আৰু যদি মাতৃ জীয়াই থাকে তেন্তে তেওঁৰ মাতৃ।
গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, বোৱাৰীক প্ৰত্যক্ষ আইনী উত্তৰাধিকাৰী বুলি গণ্য কৰা নহয়। সেয়ে উইল অবিহনে বোৱাৰীয়ে স্বয়ংক্ৰিয়ভাৱে গহনা বা সম্পত্তিৰ অংশ লাভ নকৰে।
বোৱাৰীয়ে কেতিয়া লাভ কৰিব পাৰে গহণা ?
যদিও বোৱাৰীয়ে আইনগতভাৱে প্ৰত্যক্ষ অধিকাৰ নাথাকে, কিছুমান বিশেষ পৰিস্থিতিত তেওঁ শাহুৱেকৰ গহনা লাভ কৰিব পাৰে। সেইসমূহ হৈছে-
১) যদি উইলত তেওঁৰ নাম স্পষ্টকৈ উল্লেখ কৰা থাকে।
২) যদি পুত্ৰই নিজৰ অংশ স্বেচ্ছাই বোৱাৰীক দিয়ে।
৩) যদি পৰিয়ালৰ সকলো সদস্যই পাৰস্পৰিক সন্মতিত গহনাবোৰ বোৱাৰীক দিবলৈ সিদ্ধান্ত লয়।
অর্থাৎ, আইনৰ দ্বাৰা নহ’লেও পৰিয়ালৰ সদস্যৰ বুজাবুজিত আগৰাকী বোৱাৰীয়ে শাহুৱেকৰ গহনা লাভ কৰিব পাৰে।
কন্যাৰ অধিকাৰ কিমান শক্তিশালী ?
সমাজত বহু সময়ত এই ভুল ধাৰণা দেখা যায় যে বিবাহিত কন্যাই পুত্ৰতকৈ কম অংশ লাভ কৰে। কিন্তু আইনত এনে কোনো পাৰ্থক্য নাই। উইল নাথাকিলে কন্যাৰ অধিকাৰ পুত্ৰৰ সমান। বিবাহিত হওক বা অবিবাহিত, কন্যাৰ অধিকাৰ কেতিয়াও হ্ৰাস নহয়।
কব পাৰি যে, শাহুৱেকৰ গহনা কোনে পোৱা উচিত সেয়া ব্যক্তিগত পছন্দ বা আবেগৰ বিষয় নহয়, ই সম্পূৰ্ণভাৱে আইনী নিয়মৰ ওপৰত নিৰ্ভৰ কৰে। উইল থাকিলে গহনাবোৰ সেই ব্যক্তিৰ হাতলৈ যায়, যাৰ নাম উল্লেখ কৰা আছে। উইল নাথাকিলে পুত্ৰ-কন্যাৰ মাজত সমানে ভাগ হয়। বোৱাৰীৰ স্বয়ংক্ৰিয়ভাৱে কোনো আইনী অধিকাৰ নাথাকে।সেয়েহে, ভৱিষ্যতে যাতে পাৰিবাৰিক বিবাদ নহয়, তাৰ বাবে আগতীয়াকৈ এখন বৈধ উইল প্ৰস্তুত কৰাটোয়েই সকলোৰে বাবে সৰ্বোত্তম পদক্ষেপ বুলি বিবেচিত কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us