নকল সোণ বিক্ৰী কৰি আৰক্ষীৰ জালত বঙালমৰাৰ তিনি পিতা-পুত্ৰ...

নকল সোণ বিক্ৰী কৰি আৰক্ষীৰ জালত বঙালমৰাৰ তিনি পিতা-পুত্ৰ...
নকল সোণ বিক্ৰী কৰি আৰক্ষীৰ জালত বঙালমৰাৰ তিনি পিতা-পুত্ৰ...

ডিজিটেল ডেস্কঃ শেষ হোৱা নাই লখিমপুৰৰ বঙালমৰাৰ নকল সোণৰ পুৰাণ। পুনৰ এই অঞ্চলটোৰ পৰা নকল সোণৰ কাৰোবাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনকৈ লোকক।

জানিব পৰা মতে নকল সোণৰ কাৰোবাৰৰ বাবে বিখ্যাত হৈ পৰা লখিমপুৰ জিলাৰ বঙালমৰাৰ ৩ প্ৰৱঞ্চকে ঝাৰখণ্ডৰ এজন লোকক এমাহ পূৰ্বে পল্টনবজাৰৰ এখন হোটেলত প্ৰৱঞ্চনাৰে নকল সোণ বিক্ৰী কৰিছিল। এই সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত ৫০৩/২৩ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ধাৰা 120(B)457/386/352/420 ৰ অধীনত এক গোচৰ ৰুজু হৈছিল।

এই গোচৰৰ আধাৰতে বিহপুৰীয়া আৰক্ষীয়ে পিতা-পুত্ৰসহ ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে। এই তিনিও প্ৰৱঞ্চক ক্ৰমে মকিবুল ইছলাম, বিল্লাল হুছেইন আৰু আতিকুল ইছলাম। এই তিনিও প্ৰৱঞ্চকে ৩.৫০ লাখ টকাত বিক্ৰী কৰিছিল নকল সোণ। পল্টনবজাৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিতে বিহপুৰীয়া আৰক্ষীয়ে আজি তিনিওকে বঙালমৰাৰ তিনিঠেঙীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, যিখন হোটেলত এই তিনিও প্ৰৱঞ্চকে নকল সোণ বিক্ৰী কৰিছিল সেই হোটেলৰ চিচি টিভি ফুটেজৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই তিনিও প্ৰৱঞ্চকক। আৰক্ষীয়ে নকল সোণ বিক্ৰীৰ টকাৰে ক্ৰয় কৰা এটা মোবাইল ফোনো জব্দ কৰিছে। ইতিমধ্যে আটাইকেইটা অভিযুক্তক বঙালমৰাৰ পৰা নিজৰ জিম্মাত লৈছে পল্টনবজাৰ আৰক্ষীয়ে।

নকল সোণ বিক্ৰী কৰি আৰক্ষীৰ জালত বঙালমৰাৰ তিনি পিতা-পুত্ৰ...
ধেমাজি কাছাৰী ময়দানত আন্তঃবিদ্যালয় টাইকোৱাণ্ড চেম্পিয়নশ্বিপ আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in