/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0cf16be5-2aa0-4a2f-99dc-3477b12d9c44/dhemaji_18.jpg)
ধেমাজি কাছাৰী ময়দানত আন্তঃবিদ্যালয় টাইকোৱাণ্ড চেম্পিয়নশ্বিপ আৰম্ভ...
ডিজিটেল সংবাদ ধেমাজি: ধেমাজি কাছাৰী ময়দানত শনিবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে পঞ্চম সংখ্যক ৰাজ্যিক আন্তঃবিদ্যালয় ডেচেলাইট টাইকোৱাণ্ড চেম্পিয়নশ্বিপ-২০২৩ ৷ ধেমাজি এচ এফ এচ স্কুলৰ উদ্যোগত আৰু ধেমাজি জিলা টাইকোৱাণ্ড সংস্হাৰ সহযোগত অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/926b9038-63e2-4f04-a3fb-32e5b8d86aed/402062985_896501422478019_6736575865547578396_n.jpg)
উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি নগৰ উন্নয়ন প্ৰাধীকৰনৰ অধ্যক্ষ তুলন কোঁৱৰ, ধেমাজি ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, পশ্চিম মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত দিহিঙীয়া, বিশিষ্ট সমাজ সেৱক নীপ কোঁৱৰ, ডাঃ দিগন্ত ভাগৱতী প্ৰমুখ্যে বহুকেইগৰাকীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a9b356d2-69c0-4791-8273-0aadf3baa7be/402022158_896501455811349_5922763604226115874_n.jpg)
পঞ্চম সংখ্যক ৰাজ্যিক আন্তঃবিদ্যালয় ডেচেলাইট টাইকোৱাণ্ড খেলত ৰাজ্যৰ ১৭ খন জিলাৰ ৩০০ খন বিদ্যালয়ৰ মুঠ ৮০০ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/18ffa452-8d2a-401a-aa96-d4398e57cf9b/401832881_896501515811343_656490767299842423_n.jpg)
Also Read: চৰাইদেউ গৰীয়াপথাৰ বৰবাম উচ্চ বিদ্যালয়ত বিশেষ শনিবৰীয়া বজাৰ...