/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0b6fb020-f885-4570-b89c-c83f62c64072/ghilamara_28.jpg)
ঘিলামৰাৰ সামূহিক চিকিৎসালয় কলনিত কিশোৰীৰ আত্মহনন...
ডিজিটেল সংবাদ ঢকুৱাখনা: ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মিলন নগৰস্থিত আৱাস চৌহদত শুকুৰবাৰে এগৰাকী কিশোৰীয়ে আত্মহনন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে। চিকিৎসা কেন্দ্ৰৰ আৱাস চৌহদৰ এটা চৰকাৰী গৃহত বাস কৰিছিল সামূহিক চিকিৎসা কেন্দ্ৰৰ আৰ বি এছ কে বিভাগৰ চিকিৎসক ডাঃ বিজয় শৰ্মাই।
সপত্নীক উক্ত আৱাস গৃহত বাস কৰা ডাঃ শৰ্মাই নিজৰ খুলখালি সম্পৰ্কীয় এগৰাকী কিশোৰীক গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত ঠাহি গুৰি দেউৰী গাঁৱৰ পৰা পঢ়িবলৈ আনি বিদ্যালয়ত নামভৰ্তি কৰি দিছিল। স্বাভাৱিক ভাবেই এনেদৰে যোৱা বর্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা বায়েক-ভিনীহিয়েকৰ ঘৰত আশ্ৰিত কিশোৰী গৰাকীয়ে শুকুৰবাৰে ঘৰত বায়েক ভিনীয়েকৰ অনুপস্থিতিত এগৰাকী বনকৰা কিশোৰীৰ সৈতে আছিল।
Also Read: বাতৰি কাকত যোগনীয়াৰৰ পুত্ৰৰ কৃতিত্ব...
এনেতে বনকৰা কিশোৰীগৰাকী সমীপৰ পৰা বগৰী আনিবলৈ যোৱাৰ সময়তে প্ৰায় সন্ধিয়া নিজ কোঠাৰ ভিতৰত ভিতৰৰ পৰা কোঠাৰ দুৱাৰ বন্ধ কৰি চিপ লগাই আত্মহনন কৰে। পাছত বনকৰা কিশোৰীগৰাকীয়ে আহি খিৰিকীৰে এই ভয়ানক দৃশ্য প্ৰত্যক্ষ কৰি সমীপৰ আৱাসী আৰু গৃহস্থক অৱগত কৰে।
জানিব পৰা মতে ডাঃ শৰ্মাৰ পৰিয়াল শুকুৰবাৰে লখিমপুৰলৈ গৈছিল আৰু ঘৰত কেৱল কিশোৰী দুগৰাকীহে আছিল। এই সন্দৰ্ভত ঘিলামৰা আৰক্ষীক অৱগত কৰাত ঘিলামৰা আৰক্ষীয়ে কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি শনিবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰে ।
এগৰাকী কিশোৰীৰ এনে অস্বাভাৱিক মৃত্যুত কোনো বিশেষ অন্তৰ্নিহিত উদ্দেশ্য আৰু কাৰণ থাকিব পাৰে বুলি বিভিন্ন জনে আৰু কিশোৰী গৰাকীৰ পৰিয়ালে আশংকা প্ৰকাশ কৰিছে । এই সন্দৰ্ভত পঞ্জীভূত গোচৰৰ ভিত্তিত ঘিলামৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Also Read: মাটিয়া ডিটেনশ্যন কেম্পলৈ গোৱালপাৰা কাৰাগাৰৰ পৰা শিশুসহ ৬৮ বিদেশীক স্থানান্তৰ...