বাতৰি কাকত যোগনীয়াৰৰ পুত্ৰৰ কৃতিত্ব...

বাতৰি কাকত যোগনীয়াৰৰ পুত্ৰৰ কৃতিত্ব...

author-image
Asomiya Pratidin
New Update
বাতৰি কাকত যোগনীয়াৰৰ পুত্ৰৰ কৃতিত্ব...

বাতৰি কাকত যোগনীয়াৰৰ পুত্ৰৰ কৃতিত্ব...

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম জাতীয় বিদ্যালয়ৰ দশম শ্রেণীৰ ছাত্র প্রসিদ্ধ ৰঞ্জন হাজৰিকাই অসম চৰকাৰৰ অনুমোদিত সংগীত সত্ৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে, সংগীত সত্ৰ পৰিষদৰ দ্বাৰা অনুষ্ঠিত ২০২২ বর্ষৰ নর্তন বিভাগত বিশেষ যোগ্যতাসহ (ডিচষ্টিংচন) গুণীন (বিশাৰদ) পৰীক্ষাত উত্তীর্ণ হৈছে।

Advertisment

তেওঁ গুৰু শৈলেন শইকীয়া, গুৰু সবিতা শইকীয়া, গুৰু জগত চন্দ্র বাৰিক, গুৰু অপৰাজিতা ডাউকাৰ অধীনত 'আকাৰ' (মালিগাঁও) সত্ৰীয়া নৃত্য অনুশীলন কেন্দ্রৰ পৰা পৰীক্ষাত অৱতীর্ণ হৈছিল। গুৱাহাটী সদিলাপুৰৰ বাসিন্দা দীপক ৰঞ্জন হাজৰিকা, তাৰিণীপ্ৰিয়া হাজৰিকাৰ একমাত্ৰ পুত্ৰ প্ৰসিদ্ধ ৰঞ্জন হাজৰিকা।

Also Read: বৃহত্তৰ নাৰেংগী অঞ্চলৰ কৃত্ৰিম বানৰ পৰা ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ চৰকাৰৰ...

মনকৰিবলগীয়া যে, দীপক ৰঞ্জন হাজৰিকা এগৰাকী নিষ্ঠাবান বাতৰি কাকত যোগনীয়াৰ। বিগত ২৫ বছৰ ধৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আশে-পাশে থকা বহু পৰিয়ালৰ ঘৰত নিৰৱিচ্ছিন্নভাৱে বিভিন্ন কাকত আলোচনী যোগান ধৰি আহিছে।

গুৱাহাটী বিশ্ববিদ্যালয় সত্ৰীয়া নৃত্য অসম জাতীয় বিদ্যালয়