
ডিজিটেল সংবাদ ঢকুৱাখনাঃ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰি "এক্সন" লোৱা নীতি আৰম্ভ কৰিছে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিযে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আবন্তিত চাউলৰ চোৰাং বেহা মেলা অশুভ চক্ৰটোৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি এক্সন লোৱা কাম আৰম্ভ কৰিছে মহকুমাধিপতি কাৰ্ত্তিক কলিতাই ।
তাৰেই অংশ হিচাপে শুকুৰবাৰে মহকুমাধিপতি কলিতাই ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদর্শক কবিন্দ্ৰ মেদকক দিয়া নিৰ্দেশৰ ভিত্তিত ঢকুৱাখনা সদৰ থানাত ৰুজু কৰা হৈছে গোচৰ। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ পৰা যাতে দৰিদ্ৰ হিতাধিকাৰী সকল বঞ্চিত নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি দি এনেবোৰ দুৰ্নীতিগ্ৰস্ত সভাপতি, সচিব আৰু ষ্টৰ ইনচাৰ্জৰ জৰিয়তে অনাদায় চাউল উভতাই অনাৰ লগতে বিতৰণৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত এনেবোৰ লুণ্ঠনকাৰীৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়া পৰ্ব আৰম্ভ কৰিছে।
সেই অনুসৰি শুকুৰবাৰে মহকুমাধিপতিৰ নিৰ্দেশৰ ভিত্তিত যোগান বিষয়াই ঢকুৱাখনা সমবায় সমিতিৰ অনিয়মৰ বিৰুদ্ধে এজাহাৰ দিয়ে। এই এজাহাৰৰ ভিত্তিত ঢকুৱাখনা সমবায় সমিতিখনৰ সভাপতি নিত্যানন্দ গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
যোগান বিষয়া কবিন্দ্ৰ মেদকৰ এজাহাৰৰ ভিত্তিত কৌশলেৰে আবদ্ধ কৰি ৰখা সভাপতি গৰাকীক ঢকুৱাখনা আৰক্ষীৰ হাতত গতাই দিয়ে মহকুমা প্ৰশাসনে। আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ পঞ্জিয়ন কৰি সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰিছে যদিও সচিবগৰাকীয়ে সাম্ভাব্য বিপদৰ উমান পাই আত্মগোপন কৰে বুলি জনা গৈছে ।
উল্লেখ্য যে ঢকুৱাখনা সমবায় সমিতিত সংঘতিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৮১৩ কুইণ্টল চাউলৰ হৰলুকী কেলেংকাৰী সন্দৰ্ভত এক বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত শুকুৰবাৰে প্ৰকাশ পাইছিল । প্ৰকাশিত বাতৰিৰ পাছতেই তৎপৰ হৈ মহকুমাধিপতি গৰাকীয়ে যোগান বিষয়াগৰাকীক দিয়া নিৰ্দেশৰ ভিত্তিত এক গোচৰ ৰুজু কৰে যোগান বিষয়াই।
সম্প্ৰতি ধৃত সভাপতিগৰাকী সদৰ থানাত আৰক্ষীৰ জিম্মাত আছে । এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৭ লগতে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ ৭ ধাৰাত পঞ্জীভূত গোচৰ (নং- ৯৯/ ২০২৩)ৰ ভিত্তিত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।