বৰহোলাত অনুষ্ঠিত গ্ৰন্থমেলাৰ সামৰণি

অনুষ্ঠানত মইনা পাৰিজাতৰ ৰাজ্যিক একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদলৰ খিতাপ অৰ্জন কৰা 'দ পথাৰৰ কথা' নাটকখনৰ সকলো কলা কুশলীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
বৰহোলাত অনুষ্ঠিত গ্ৰন্থমেলাৰ সামৰণি

ডিজিটেল সংবাদ,তিতাবৰ : ৬দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰহোলা মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত পঞ্চদশ বাৰ্ষিক বৰহোলা গ্ৰন্থমেলাৰ বুধবাৰৰ অন্তিম দিনটোৰ কাৰ্যসূচী সফলতাৰে সামৰণি পৰে। আজি আবেলি তিতাবৰ জিলা মইনা পাৰিজাতৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

Advertisment

অনুষ্ঠানত মইনা পাৰিজাতৰ ৰাজ্যিক একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদলৰ খিতাপ অৰ্জন কৰা 'দ পথাৰৰ কথা' নাটকখনৰ সকলো কলা কুশলীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে নাটকখনৰ নাট্যকাৰ হ'ল দেৱজিৎ ৰাজখোৱা।

ইয়াৰ পিছতে উদযাপন সমিতিৰ সভাপতি বিজয় মোহন সন্দিকৈৰ সঞ্চালনাত অনুষ্ঠিত হয় গ্ৰন্থমেলাৰ বঁটা বিতৰণী অনুষ্ঠান। উল্লেখ্য যে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতি, বৰহোলা মহাবিদ্যালয়ৰ পুথিভঁৰাল আৰু এখন উদযাপন সমিতিৰ ঐকান্তিক প্ৰচেষ্টাত ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল এই গ্ৰন্থ উৎসৱ। তিতাবৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ অগণন ৰাইজৰ উপস্থিতিত গ্ৰন্থমেলাৰ বাকৰি উদুলি-মদুলি হৈ পৰিছিল।

Also Read: কামপুৰত মে-ডাম-মে-ফী উদযাপন

borhola college borhola titabar