/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/4f9c5340-4237-4009-97f8-7f697ea72891/169.jpg)
ডিজিটেল সংবাদ,কামপুৰ : বৃহত্তৰ কামপুৰ আহোম সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কামপুৰৰ চাও-চেং-ৰেন মন্দিৰ প্ৰাঙ্গণত "মে-ডাম-মে-ফী" উদযাপন কৰা হয়। মঙলবাৰে নিশা কামপুৰ পৌৰসভাৰ ২ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা মালবিকা বৰাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান মুকলি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/d41a7709-ffea-4fbf-8c1d-75c9b8cc9f20/8f4173c1_3249_46d2_8769_94eb2a730cea.jpg)
উক্ত অনুষ্ঠানৰ বুধবাৰে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চাও কুমুদ ফুকনে। আহোম স্বৰ্গদেউসকলৰ মৈদামত পূৰ্বপুৰুষক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে চাও জগত চন্দ্ৰ বৰাই।
অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখন প্ৰাচীৰ পত্ৰিকাৰ ফিটা কাটি শুভ উন্মোচন কৰে কামপুৰ পৌৰ সভাৰ ১নং মহলাৰ ৱাৰ্ড সদস্যা ৰিকু মনি বৰুৱাই।অনুষ্ঠানটোত বাইলুঙ হিচাপে লক্ষীমপুৰৰ সিদ্ধি চাহিঙ্গিয়া, বিপুল ফুকন আৰু হৰেন ফুকন উপস্থিত থাকি পৰম্পৰাগতভাৱে পূজা-অৰ্চনা কৰে।
এই উৎসৱৰ লগত সংগতি ৰাখি কামপুৰ নগৰৰ মাজেৰে "সমন্বয়" নামেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত অংশ লয় কামপুৰৰ চাইবুক গাঁৱৰ কাৰ্বি আৰু কচুৱাৰ বিৰিঙাআটিৰ তিৱা সাংস্কৃতিক দলে। ইয়াৰোপৰি বিহু, বঙালী সম্প্ৰদায় কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a925dbf1-1fa9-420b-addb-44f4854df697/1485f13e_9979_4455_8541_169b74c2244c.jpg)
বিয়লি চাও দীপক বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্ধোধন কৰে চাও ধ্ৰুৱজ্যোতি বৰাই । চাও প্ৰকাশ বৰুৱাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনত বিশিষ্ট অতিথি হিচাপে,আহোম জাতীয় মহাসভাৰ সভাপতি সুন্দৰজ্যোতি লাহন, চাও ড০ ইন্দ্ৰজিৎ বেজবৰুৱা, চাও কৃষ্ণ বৰুৱা, কামপুৰ পৌৰসভাৰ পৌৰপতি ধৰিত্ৰী বৰুৱা, ৱাৰ্ড কমিছনাৰ ভূপেন লস্কৰকে ধৰি বহু কেইজন লোকে অংশগ্ৰহণ কৰি "মে-ডাম-মে-ফী"ৰ তাৎপৰ্য তথা আহোম সকলৰ সামাজিক, সাংস্কৃতিক ইতিবৃত্তৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়ায় । উক্ত উৎসৱত টাই আহোম সকলৰ লগতে বিভিন্ন জাতি জনজাতিৰ লোকসকলেও অংশগ্ৰহণ কৰে ।
Also Read: আঘাতপ্ৰাপ্ত ৰিয়ান পৰাগ : ডেনিছ দাসক অধিনায়কৰ দায়িত্ব
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us