হাজোত উদ্ধাৰ IITৰ ছাত্ৰ তৌছিফ আলী ফাৰুকি

হাজোত উদ্ধাৰ IITৰ ছাত্ৰ তৌছিফ আলী ফাৰুকি

author-image
Asomiya Pratidin
New Update
হাজোত উদ্ধাৰ IITৰ ছাত্ৰ তৌছিফ আলী ফাৰুকি

ডিজিটেল ডেস্কঃ ৰাজ্যৰ অন্যতম শীৰ্ষস্থানীয় উচ্চশিক্ষাৰ প্ৰতিষ্ঠান আই আই টি, গুৱাহাটীত অধ্যয়নৰত এগৰাকী ছাত্ৰই বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছত যোগদান কৰাৰ খবৰে মহানগৰীত উত্তেজনাৰ সৃষ্টি কৰিছিল। এক ইমেইল যোগে সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰা কথা অৱগত কৰিছিল  আই আই টি, গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকিয়ে। তেওঁৰ ঘৰ গুৱাহাটীৰ পাণবজাৰত আৰু তেওঁৰ পিতৃৰ নাম আজমত আলী ফাৰুকি বুলি দাবী কৰিছিল যুৱকজনে।

Advertisment

অৱশেষত হাজোত উদ্ধাৰ কৰে  আই আই টি, গুৱাহাটীৰ ছাত্ৰজনক। হাজোত নিষিদ্ধ ঘোষিত সংগঠন আই এছ আই এছৰ পতাকা লৈ সংগঠনটোক সমৰ্থন কৰি থকা অৱস্থাত সন্দেহ কৰি স্থানীয় ৰাইজে যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়ে। বৰ্তমান যুৱকজনক সোধপোছৰ বাবে এছ টি এফৰ কাৰ্যালয়ত ৰখা হৈছে।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বিয়লি মহানগৰীত সন্ত্ৰাসৰ স়ষ্টি কৰা যুৱকজনেই হাজো আটক হোৱা যুৱকজন বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰিছে।

উল্লেখ্য যে, মাত্ৰ দুদিন পূৰ্বে ধুবুৰীৰ ধৰমশালাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনৈ আই এছ আই এছৰ শীৰ্ষ নেতাক। এই দুই নেতা আছিল ক্ৰমে হৰিশ ফাৰুকি ওৰফে হৰিশ আজমল ফাৰুকি আৰু আনজন অনুৰাগ সিং ওৰফে ৰেহান। ইয়াৰে হৰিশ ফাৰুকি আছিল আই এছ আই এছৰ ভাৰত গোটৰ মুৰব্বী। তেওঁ বহু যুৱকৰ মন ভুলাই আই এছ আই এছত যোগদান কৰোৱাত আছিল সিদ্ধহস্ত। আনহাচে ৰেহানে স্বধৰ্ম ত্যাগ কৰি ইছলাম গ্ৰহণ কৰিছিল।

অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে এই দুই আই এছ আই এছ নেতাক গ্ৰেপ্তাৰ কৰাৰ পাছতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ হাতলৈ হস্তান্তৰ কৰিছিল। এই ঘটনাৰ পাছতে পুনৰ অসমৰ আই আই টিৰ ছাত্ৰই আই এছ আই এছত যোগদান কৰা কাৰ্য ৰাজ্যখনৰ বাবেই উদ্বেগজনক হিচাপে বিবেচিত হৈছে।

Also Read: IIT গুৱাহাটীৰ ছাত্ৰই যোগদান কৰিলে বিশ্বত্ৰাস সন্ত্ৰাসবাদী গোট ISIS ত....

IIT Guwahati hajo isis Assam police