IIT গুৱাহাটীৰ ছাত্ৰই যোগদান কৰিলে বিশ্বত্ৰাস সন্ত্ৰাসবাদী গোট ISIS ত....

ইমেইলৰ জৰিয়তে নিজেই জনালে এই খবৰ
IIT গুৱাহাটীৰ ছাত্ৰই যোগদান কৰিলে বিশ্বত্ৰাস সন্ত্ৰাসবাদী গোট ISIS ত....
IIT গুৱাহাটীৰ ছাত্ৰই যোগদান কৰিলে বিশ্বত্ৰাস সন্ত্ৰাসবাদী গোট ISIS ত....

ডিজিটেল ডেস্কঃ অসমৰ বাবে আন এক উদ্বেগজনক খবৰ। ৰাজ্যৰ অন্যতম শীৰ্ষস্থানীয় উচ্চশিক্ষাৰ প্ৰতিষ্ঠান আই আই টি, গুৱাহাটীত অধ্যয়নৰত এগৰাকী ছাত্ৰই যোগদান কৰিলে বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছত।

জানিব পৰা মতে সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰা এই ছাত্ৰজনৰ নাম তৌছিফ আলী ফাৰুকি। তেওঁৰ ঘৰ গুৱাহাটীৰ পাণবজাৰত। তেওঁৰ পিতৃৰ নাম আজমত আলী ফাৰুকি।

এক ইমেইলৰ জৰিয়তে ফাৰুকিয়ে নিজেই এই কথা ঘোষণা কৰিছে। উল্লেখ্য যে, মাত্ৰ দুদিন পূৰ্বে ধুবুৰীৰ ধৰমশালাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনৈ আই এছ আই এছৰ শীৰ্ষ নেতাক।

এই দুই নেতা আছিল ক্ৰমে হৰিশ ফাৰুকি ওৰফে হৰিশ আজমল ফাৰুকি আৰু আনজন অনুৰাগ সিং ওৰফে ৰেহান। ইয়াৰে হৰিশ ফাৰুকি আছিল আই এছ আই এছৰ ভাৰত গোটৰ মুৰব্বী। তেওঁ বহু যুৱকৰ মন ভুলাই আই এছ আই এছত যোগদান কৰোৱাত আছিল সিদ্ধহস্ত। আনহাচে ৰেহানে স্বধৰ্ম ত্যাগ কৰি ইছলাম গ্ৰহণ কৰিছিল।

অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে এই দুই আই এছ আই এছ নেতাক গ্ৰেপ্তাৰ কৰাৰ পাছতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ হাতলৈ হস্তান্তৰ কৰিছিল। এই ঘটনাৰ পাছতে পুনৰ অসমৰ আই আই টিৰ ছাত্ৰই আই এছ আই এছত যোগদান কৰা কাৰ্য ৰাজ্যখনৰ বাবেই উদ্বেগজনক হিচাপে বিবেচিত হৈছে।

IIT গুৱাহাটীৰ ছাত্ৰই যোগদান কৰিলে বিশ্বত্ৰাস সন্ত্ৰাসবাদী গোট ISIS ত....
শৰাইঘাটত চুইচাইড নোটসহ ব্যৱসায়ীৰ বাহন উদ্ধাৰঃ হত্যাৰ সন্দেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in