হাজোত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস উদ্ধাৰ

হাজো অঞ্চলৰ বুল্লুট, কোৱাৰপুৰ আৰু বৰ্ণিৰ পৰা উদ্ধাৰ কৰা হৈছে চোৰাং গো-মাংস
হাজোত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস উদ্ধাৰ

ডিজিটেল সংবাদ,হাজো : হাজোত বৃহৎ পৰিমাণৰ নিষিদ্ধ গো-মাংস উদ্ধাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। হাজো অঞ্চলৰ বুল্লুট, কোৱাৰপুৰ আৰু বৰ্ণিৰ পৰা উদ্ধাৰ কৰা হৈছে চোৰাং গো-মাংস।

জানিব পৰামতে, প্ৰায় ৯টা গৰু কাটি থকা অৱস্থাত হাজোৰ আৰক্ষীয়ে নিষিদ্ধ মাংসখিনি উদ্ধাৰ কৰে। সম্প্ৰতি হাজোৰ আৰক্ষীৰ গো-মাংস বিৰোধী অভিযান অব্যাহত থকাৰ কথা উল্লেখ কৰে।

উক্ত ঘটনাৰে জড়িত থকাৰ সন্দেহত ৮ জন লোকক আৰক্ষীয়ে আটক কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, হাজো আৰক্ষী থানাৰ অ'চি নৱজিৎ নাথৰ নেতৃত্বত নিষিদ্ধ গো- মাংসৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

হাজোত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস উদ্ধাৰ
জুৰীয়াৰ বালিজানত ভয়ংকৰ ডকাইতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in