কমাৰবন্ধাত সাংবাদিকৰ অৱস্থান ধৰ্মঘট

কমাৰবন্ধাত সাংবাদিকৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ কমাৰবন্ধা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা অমাৰ অসম কাকতৰ কমাৰবন্ধাৰ প্ৰতিবেদক চুলতান আলীক যোৱা ৯ জানুৱাৰীৰ নিশা বামুণ গাঁৱত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ প্ৰতিবাদত আজি কমাৰবন্ধাত বিভিন্ন সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

কমাৰবন্ধা প্ৰেছ ক্লাবৰ উদ্যোগত আৰু স্থানীয় ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত অৱস্থান ধৰ্মধটত সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি দুষ্কৃতিকাৰীক আটক কৰি আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।

কমাৰবন্ধা প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক মৃদুল হাজৰিকাই আত ধৰা অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজীৱ দাস,আম আদমী পাৰ্টিৰ পুলিন গগৈ, চুতীয়া জাতি ছাত্ৰ সন্হাৰ চৈতন্য শ ইকীয়া, কমাৰবন্ধা শাখা সাহিত্য সভাৰ বিদ্যুৎ বৰা, গাওৰক্ষী বাহিনীৰ শৈলেন শ ইকীয়া, ঐক্য সেনাৰ ৰঞ্জিত বৰাৰ উপৰিও যুৱ পৰিষদ,কৰ্মচাৰী পৰিষদ আদি বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃবৃন্দ উপস্থিত থাকি সাংবাদিক আক্ৰমণকাৰী দোষী ব্যক্তিক চিনাক্ত কৰি আইনগত ব্যৱস্থাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনায়। অৱস্থান ধৰ্মঘটৰ অন্তত প্ৰেছ ক্লাবৰ তৰফৰ পৰা জিলা আয়ুক্ত, আৰু আৰক্ষী অধীক্ষকক একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

কমাৰবন্ধাত সাংবাদিকৰ অৱস্থান ধৰ্মঘট
কাজিৰঙাত অনাতাঁৰ শিল্পী নুনুসিং কৰ্মকাৰৰ টুচু গীত মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in