কাজিৰঙাত অনাতাঁৰ শিল্পী নুনুসিং কৰ্মকাৰৰ টুচু গীত মুকলি

কাজিৰঙাৰ কহঁৰাৰ অনুনাদ-উইংগছ অৱ মেল’ডী মিউজিক ষ্টুডিঅ’ত ৰেক’ৰ্ডিং সম্পন্ন হোৱা “ম’বাইলে ত’ৰ ফটো দেখি” শীৰ্ষক গীতটিৰ সংগীত অনুপম মাজিৰ

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত অনাতাঁৰ শিল্পী নুনুসিং কৰ্মকাৰৰ টুচু গীত মুকলি

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ গৌৰৱ অনাতাঁৰ শিল্পী, ঝুমইৰজ্যোতি উপাধিৰে বিভূষিত নুনুসিং কৰ্মকাৰৰ কথা, সুৰ আৰু কণ্ঠৰে এটি টুচু গীত আজি মুকলি কৰা হয় ৷ গীতটি মুকলি কৰে হাতীখুলি চাহ বাগিছাৰ মুখ্য পৰিচালক মিত্ৰভানু দাসে ৷

Advertisment

আজি কাজিৰঙাৰ হাতীখুলি চাহ বাগিছাৰ ৰঙাজান শিশু ওমলা গৃহ প্ৰাংগণত আয়োজিত গীত মুকলি অনুষ্ঠানৰ প্ৰাকক্ষণত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দয়াৰম মাজিয়ে৷ যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা অনুষ্ঠানটিত সাংস্কৃতিককৰ্মী ৰীমা দাস, অৱসৰপ্ৰাপ্ত বন কৰ্মচাৰী বিমল তাঁতী, বিশিষ্ট পৰ্যটন উদ্যোগী বিমল শৰ্মা, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাত শাখাৰ সম্পাদক বিতোপন মাজি, অসম চাহ মজদুৰ সংঘৰ ৰঙাজান বাগিছাৰ সভাপতি মণিৰাম কৰ্মকাৰকে আদি কৰি শতাধিক ৰাইজ উপস্থিত থাকে ৷

কাজিৰঙাৰ কহঁৰাৰ অনুনাদ-উইংগছ অৱ মেল’ডী মিউজিক ষ্টুডিঅ’ত ৰেক’ৰ্ডিং সম্পন্ন হোৱা “ম’বাইলে ত’ৰ ফটো দেখি” শীৰ্ষক গীতটিৰ সংগীত অনুপম মাজিৰ ৷ গীতটিত সহযোগী কণ্ঠদান কৰিছে মাকন কৰ্মকাৰ আৰু সংগীতা মুণ্ডাই আৰু ঢোল বাদনত সহযোগ কৰিছে খগেন বাউৰী আৰু প্ৰিয়জিৎ কৰ্মকাৰে ৷

উল্লেখ্য যে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি দেশৰ বিভিন্ন প্ৰান্তত সন্মান বুটলিবলৈ সক্ষম হোৱা নুনুসিং কৰ্মকাৰে কাজিৰঙা ভ্ৰমণলৈ অহা ব্ৰিটেইনৰ ৰাজকুমাৰ-ৰাজকুমাৰীৰ সন্মুখত ঝুমুৰ গীত-নৃত্য প্ৰদৰ্শন কৰাৰ লগতে কাজিৰঙালৈ আগমণ ঘটা ভাৰতবৰ্ষৰ দুগৰাকীকৈ ৰাষ্ট্ৰপতিৰ সন্মুখত ঝুমুৰ নৃত্য পৰিৱেশন কৰিও প্ৰশংসিত হৈছিল ৷ আনহাতে, বিগত সময়ছোৱাত ৰাজ্যপালৰ পৰা বঁটা গ্ৰহণ কৰা নুনুসিং কৰ্মকাৰৰ টুচু গীতটি সকলোৱে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে ৷

Also Read: নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ -সমাজকৰ্মী আব্দুল মান্নান ফাৰুকীৰ বিয়োগ

radio song kaziranga music