/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/66575eb0-0e4d-42d3-a713-d81455d7ba8e/hat_11.jpg)
হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ...
ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এন এছ এছৰ হাটশিঙিমাৰী গোটৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে দাফাদাৰপাৰাত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, হাটশিঙিমাৰী মহাবিদ্যালয় এন এছ এছ গোটে প্ৰতিবছৰে জিলাৰ সদৰ হাটশিঙিমাৰীৰ দাফাদাৰপাৰাকে ধৰি একাংশ স্থানত বিভিন্ন সমাজিক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।
এইবেলিও মহাবিদ্যায়লখনৰ এন এছ এছ গোটে দাফাদাৰপাৰাত ৯ মে’ তাৰিখৰ পৰা ১৫ মে’ তাৰিখলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে ৭ দিনীয়া বিশেষ শিবিৰৰ আয়োজন কৰিছে। আজি তৃতীয় দিনা দাফাদাৰপাৰা এল পি স্কুলত পুৱাৰে পৰা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9fe17d8a-f16a-48bf-873b-ee85a849ea24/79a7f9e6_df77_4215_a5b9_c281f27ba872.jpg)
হাটশিঙিমাৰী এন এছ এছ গোটৰ কাৰ্যবাহী বিষয়া ড০ মোঃ আব্দুল কৰিম সেখৰ নেতৃত্বত এন এছ এছৰ সদস্য-সদস্যাসকলৰ উপস্থিতিত হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ পৰা অহা কেবাজনীয়া চিকিৎসকৰ দল এটাৰ জৰিয়তে এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। চিকিৎসা শিবিৰৰ জৰিয়তে প্ৰায় ২ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাচত ঔষধ বিতৰণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/7dff116e-bf5f-4c3d-9615-dffcb5c603d3/6dc763a9_87ec_49d3_a983_07aef722080e.jpg)
লক্ষণীয় যে, যোৱা ৯ মে’ তাৰিখে এন এছ এছৰ বিশেষ শিবিৰৰ শুভাৰম্ভ কৰা হৈছে। প্ৰথম দিনা দাফাদাৰপাৰাৰ লগতে হাটশিঙিমাৰী মহাবিদ্যালয় চৌহদত ছাফাই অভিযান চলাই মহাবিদ্যালয় আৰু দাফাদাৰপাৰা এল পি স্কুলৰ চৌহদ পৰিস্কাৰ কৰা হয়। ১০ মে’ তাৰিখে দাফাদাৰপাৰা এল পি স্কুল প্ৰাঙ্গনত যোগাশনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। য'ত স্থানীয় লোকসকলৰ লগতে এন এছ এছ গোটৰ সদস্য-সদস্যাসকল উপস্থিত আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0379cdcf-8b60-4a49-8221-b8272f327ea3/18919a3c_d8f4_4cb7_beea_9578f36c3142.jpg)
Also Read: ধেমাজি এছ এফ এছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এদিনীয়াকৈ বাৰ্ষিক প্ৰদৰ্শনী সম্পন্ন...