/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/76b7ca0a-37f7-4a69-9740-4215253c9a6e/dhemaji_11.jpg)
ধেমাজি এছ এফ এছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এদিনীয়াকৈ বাৰ্ষিক প্ৰদৰ্শনী সম্পন্ন...
ডিজিটেল সংবাদ ধেমাজি: ১১ মে' ধেমাজি এছ এফ এছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত শনিবাৰে এদিনীয়াকৈ বাৰ্ষিক সাধাৰণ প্ৰদৰ্শনী প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ পুৱাতে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0d8e8aaf-f754-453f-b5b5-658fe44241e0/24b8eefe_a79e_4733_b09a_7d9f5072bf6e.jpg)
জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি উৎসাহজনক বক্তব্য আগবঢ়োৱাৰ লগতে বিদ্যালয়ে অনুষ্ঠিত কৰা এনেধৰনৰ উদ্ভাৱনীমূলক প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক দিশত আৰু অধিক আগ বাঢ়ি যাব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ জিলা আয়ুক্তৰগৰাকীয়ে ভাষণৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ অহাযোৱা কৰোঁতে ট্ৰেফিক আইন মানি চলিবলৈও তেওঁ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/70bf6852-5223-47fd-9d14-8f262f44b29a/d6892e08_e437_4487_9d3c_a5e48a7e39cb.jpg)
পৰৰ্বতী সময়ত জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলে নিৰ্মাণ কৰি উলিওৱা বিজ্ঞান, কলা, হস্তক'লাৰ প্ৰদৰ্শনীসমূহ পৰিৰ্দশন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কথোপকথন হয়। প্ৰতিযোগিতাত ৬০টা প্ৰদৰ্শনীৰ লগতে অসমীয়া, বড়ো, মিচিং, নেপালী জনগোষ্ঠীৰ পৰম্পৰা খাদ্য প্ৰণালীৰ উপৰিও বিহুৰ বিভিন্ন পিঠা-পনা প্ৰদৰ্শন হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4287b01c-492c-4880-bacc-6d6acac926f5/a3ee83a4_4c18_4d60_bdb9_64cb8b8e2b1c.jpg)
উদ্বোধনী সভাৰ পূৰ্বে বিদ্যালয়খনৰ অধ্যক্ষ ফাদাৰ ড° জৰ্জ ভাডাকেপে ভেঞ্চেৰিমানিলে অতিথিসকলক উদ্দেশ্যি আদৰণি ভাষণ দিয়ে ৷ উদ্বোধনী সভাত এছ এফ এছ স্কুলৰ মেনেজাৰ ফাদাৰ জোছেফৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ক্ৰমে ড০ দিগন্ত ভাগৱতী, ৰাজীৱ দিহিঙীয়াৰ সৈতে বহু কেইগৰাকী অতিথিও উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2db6e69c-ea3f-4f3e-b1bb-63a158b99490/339579ae_cf0e_4075_b44c_455694fc2064.jpg)
ইফালে বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে প্ৰদৰ্শনীৰ চাবলৈ ধেমাজিৰ ১৮ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক -শিক্ষয়ত্ৰীসকলেও উপস্থিত থাকে ৷ উদ্বোধনী সভাত বিদ্যালয়খনৰ ছাত্ৰীসকলে কেইবাটাও নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক আল্পুলত কৰে ৷ বিয়লি পৰ্য্যন্ত অনুষ্ঠিত হৈ থকা বাৰ্ষিক সাধাৰণ প্ৰদৰ্শনীত বিচাৰক হিচাপে উপস্থিত থাকে ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লাবণ্য লাহন চুতীয়া, ধেমাজি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপকদ্বয় ক্ষীৰোড গগৈ আৰু মানস প্ৰতিম বৰপুজাৰী, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক সত্যব্ৰত গগৈ, ধেমাজি ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক যোগানন্দ গোঁহাই আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা হিমশ্ৰী বৰুৱাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/05a8d58f-215d-492c-9204-238647736c2d/e9a9586f_46d7_4ace_8085_99de60b2eb5e.jpg)
Also Read: নৰেন্দ্ৰ মোডী নহয়, অমিত শ্বাহহে হ'ব প্ৰধানমন্ত্ৰী- কেজৰিৱালৰ দাবী...