/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8f3fd586-8932-4bf2-9b07-9cac4ad6793f/111.jpg)
ডিজিটেল সংবাদ,হাজো : হাজোৰ বাৰাংহাটীত বুধবাৰে ডেৰ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সদ্য়ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰাতুল শৰ্মা ফ্রেইণ্ড ক্লাৱৰ উদ্যোগত আৰু দিলীপ শইকীয়াৰ অনুৰাগীৰ সহযোগত এই সম্বৰ্ধনা অনুষ্ঠানটিৰ আয়োজন কৰা হয়।
বাৰাংহাটী গাঁও পঞ্চায়তৰ বিজেপি কার্যালয়ত আয়োজিত উক্ত অনুষ্ঠানত বিজেপিৰ কাৰ্যকৰ্তাৰ লগতে ৰাতুল শৰ্মা ফ্ৰেইণ্ড ক্লাৱৰ সদস্যসকলে শিক্ষাৰ্থীসকলক উষ্ম আদৰণি জনায়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক গামোচা, মানপত্ৰ,কলম আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখ্য যে সৰ্বেশ্বৰ পাটোৱাৰী আৰু প্ৰাঞ্জল ডেকাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটি মুকলি কৰে সুৰেণ ডেকাই। উক্ত অনুষ্ঠানত বিজেপি নেতা গৌতম কলিতা,পংকজ দাসৰ লগতে গাঁও প্ৰধান পংকজ শইকীয়াই অংশগ্ৰহণ কৰে। আনহাতে ছাত্ৰ ছাত্ৰীসকলক দেশৰ সুনাগৰিক হৈ জাতিৰ হকে কাম কৰিবলৈ উদ্যোক্তাই আহ্বান জনায়।
Also Read: বিশ্ব গ্রন্থ দিৱসত প্রকাশক সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যক সম্বর্ধনা জ্ঞাপন