বিশ্ব গ্রন্থ দিৱসত প্রকাশক সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যক সম্বর্ধনা জ্ঞাপন

গ্ৰন্থৰ ভৱিষ্যৎ বেলিৰ দৰে শাশ্বত আৰু উজ্জ্বল। গ্ৰন্থৰ ইতিবাচক গুৰুত্ব বেলি থকালৈ চিৰকাল বৰ্তি থাকিব। -পংকজ বেজবৰুৱা
বিশ্ব গ্রন্থ দিৱসত প্রকাশক সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যক সম্বর্ধনা জ্ঞাপন

ডিজিটেল সংবাদ, নলবাৰী : ‘‘কিতাপ উপহাৰ দিয়া প্রথা সবল কৰিব লাগে। বিবাহ, জন্মদিন বা সভা-সমিতিসমূহত কিতাপ দিয়া নিয়ম বেছি হ'ব লাগে'- এই মন্তব্য বিশিষ্ট গ্রন্থ প্রকাশক তথা নলবাৰীৰ জাৰ্ণাল এম্প'ৰিয়ামৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যৰ।

২৩ এপ্ৰিলত নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত নলবাৰী সাহিত্য সমাজৰ উদ্যোগত ৰাজেন্দ্ৰ চৌধুৰীৰ ভৱনত পালন কৰা 'বিশ্ব গ্রন্থ দিৱস'ত জনোৱা সম্বর্ধনা গ্রহণ কৰি ১৯৭৭ চনৰপৰা গ্ৰন্থ প্ৰকাশ কৰি অহা সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যই এইদৰে কয়। সম্বর্ধনা গ্রহণ কৰি বৈশ্যই জাৰ্ণাল এম্প'ৰিয়ামৰ জৰিয়তে প্রায় ২৮খন গ্রন্থ প্রকাশ কৰি উলিওৱা বুলি সদৰি কৰে।

তেওঁ প্ৰকাশ কৰা গ্ৰন্থ অভিযাত্রী, আশীৰ্বাদৰ ৰং, বিপন্ন সময় আৰু এধানি মাহীৰ হাঁহিয়ে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিবলৈও সক্ষম হৈছে। অসমৰ স্বনামধন্য ব্যক্তিসকলৰ কেইবাখনো গ্রন্থ প্রকাশ কৰি পাঠক সমাজৰপৰা সমাদৰ লাভ কৰা বুলিও বৈশ্যই কয়।

তেওঁ লগতে ইয়াকো কয় যে কিতাপ প্রকাশ কৰি ব্যৱসায় কৰাটো অতি ধৈৰ্যৰ কাম। সৰু সৰু চহৰবোৰত কিতাপৰ ব্যৱসায় চলাই নিবলৈ বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। বর্তমান কিতাপ-আলোচনীৰ বিক্ৰী বহুত হ্রাস পাইছে। বিশেষকৈ নতুন প্ৰজন্মৰ কিতাপৰ প্ৰতি আগ্ৰহ কমিছে।

নলবাৰী সাহিত্য সমাজৰ সম্পাদক মানসজ্যোতি শর্মাই আঁত ধৰা অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে অংশ লয়। গ্ৰন্থৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰাসংগিক চিন্তাৰে ‘মানৱ জীৱনত গ্রন্থৰ ভূমিকা আৰু ইয়াৰ ভৱিষ্যৎ’ বিষয়ত ভাষণ দি গ্ৰন্থৰ মহত্ত্ব আৰু তাৎপৰ্যপূৰ্ণ ব্যাখ্যা কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে গ্রন্থ মানৱ সভ্যতাৰ অভিনৱ সৃষ্টি। এই গ্ৰন্থই মানৱ জীৱন উত্তৰণত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। গ্ৰন্থৰ সৈতে হোৱা জৈৱিক সম্পর্ক মাতৃয়ে সন্তানক আদৰ-সাদৰ, লালন-পালন, স্তনপান কৰোঁতে হোৱা অন্তৰৰ অনুভৱৰ লেখিয়া। গ্ৰন্থৰ বিকল্প নাই, কেতিয়াও একো হ’ব নোৱাৰে বা ওলাব নোৱাৰে। ‘‘গ্ৰন্থৰ ভৱিষ্যৎ বেলিৰ দৰে শাশ্বত আৰু উজ্জ্বল। গ্ৰন্থৰ ইতিবাচক গুৰুত্ব বেলি থকালৈ চিৰকাল বৰ্তি থাকিব।’’ বুলিও গ্ৰন্থৰ মহত্ত্ব আৰু তাৎপৰ্য ব্যাখ্যাৰে তেওঁ কয়।

জ্যেষ্ঠ সাংবাদিক এম মহিবৰ ৰহমানে ভাষণত সম্প্রতি গ্রন্থ লেখকৰ সংখ্যা বাঢ়িছে বুলি মন্তব্য কৰে। নলবাৰী সাহিত্য সমাজৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত কবি ডঃ বিনয় কুমাৰ মজুমদাৰ আৰু সাংবাদিক শ্বাহ আলম আহমেদেও প্রকাশক সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যক সম্বর্ধনা জ্ঞাপন কৰে।

সভাৰ আৰম্ভণিতে উদ্বোধনী ভাষণ প্ৰদান কৰে নলবাৰী সাহিত্য সমাজৰ উপ সভাপতি কল্পনা মিশ্রই। উদ্বোধনী ভাষণত তেওঁ নলবাৰী সাহিত্য সমাজৰ প্রতিষ্ঠাপক সভাপতি নন্দনতাত্ত্বিক ত্রৈলোক্যনাথ গোস্বামীৰ স্মৃতি সুঁৱৰি 'বিশ্ব গ্ৰন্থ দিৱস'ৰ তাৎপর্য ব্যাখ্যা কৰে। বিশ্ব গ্রন্থ দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানত লেখক ৰবীন্দ্ৰ শৰ্মাৰ দ্বাৰা ৰচিত 'কোন মোৰ আপোন' নামৰ একাংকিকা নাটৰ গ্ৰন্থ এখনো উন্মোচন কৰা হয়।

গ্রন্থখন উন্মোচন কৰি বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শর্মাই কয় যে একোখন গ্রন্থই একোটা জাতিক প্রতিনিধিত্ব কৰিব পাৰে। সেয়ে গ্রন্থ অধ্যয়ন কৰা মানে জাতিৰ বিষয়ে অধ্যয়ন কৰা। গ্ৰন্থখনৰ লেখক ৰবীন্দ্ৰ শৰ্মায়ো গ্ৰন্থখন লেখাৰ আঁৰৰ কিছু কথা ব্যক্ত কৰে। শিল্পী প্রণীতা হালৈ, খদেজা বেগম, মধুস্মিতা বৰুৱা মেধি আৰু ডঃ উপমা বর্মন ডেকাই গীত পৰিৱেশন কৰি অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে।

বিশ্ব গ্রন্থ দিৱসত প্রকাশক সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যক সম্বর্ধনা জ্ঞাপন
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মণিপুৰত বোমা বিস্ফোৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in