দৰঙত ৩দিন ড্ৰাই ডে' ঘোষণা...

দৰঙত ৩দিন ড্ৰাই ডে' ঘোষণা...

author-image
Asomiya Pratidin
New Update
দৰঙত ৩দিন ড্ৰাই ডে' ঘোষণা...

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত মঙলদৈ, ছিপাঝাৰ আৰু দলগাওঁ বিধানসভা সমষ্টিৰ অধীনৰ এলেকাসমূহত ২৪এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে দৰং জিলা প্ৰশাসনে ড্রাই ডে' ঘোষণা কৰিছে। ২৬ এপ্রিলত দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ'বলগীয়া লোকসভা সমষ্টিসমূহৰ ভিতৰত দৰং-ওদালগুৰি লোকসভা সমষ্টিও আছে। সেয়ে দৰং জিলা প্ৰশাসনে ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে জিলাখনত ড্ৰাই ডে' ঘোষণা কৰিছে।

Advertisment

আনহাতে ৪ জুনৰ ভোট গণনাৰ দিনটোতো ভোট গণনা শেষ নোহোৱা পর্যন্ত এই অঞ্চলসমূহত ড্রাই ডে' বাহাল থাকিব। যদিহে সমষ্টিটোৰ অন্তৰ্গত দৰং জিলাৰ কোনো অঞ্চলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলগীয়া হয় তেতিয়াও ভোটগ্রহণ শেষ হোৱাৰ আগৰ ৪৮ ঘণ্টাত ড্রাই ডে' প্রযোজ্য হ'ব।

ড্রাই ডে' ঘোষিত হোৱা সময়খিনিত দৰঙৰ এই সমষ্টি কেইটাৰ অন্তৰ্গত অঞ্চলসমূহত সুৰা আৰু আন নিচাজাতীয় দ্রব্যৰ বিক্রী,ব্যৱহাৰ,মজুতকৰণ, সৰবৰাহ আৰু বিতৰণ আদিত জিলা প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা উলংঘা কৰিলে আবকাৰী আইন অনুসৰি ব্যবস্থা গ্ৰহণ কৰা হ'ব।

উল্লেখ্য যে, স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰি দেশত শক্তিশালী গণতন্ত্র প্ৰতিষ্ঠাৰ বাবে ভাৰতৰ নির্বাচন আয়োগে লোকসভা নির্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহত নির্বাচনৰ পৰ্যায় অনুসৰি ভোটগ্রহণৰ দিনকেইটাত ড্রাই ডে' ঘোষণাৰ নিৰ্দেশনা দিছে। সেই অনুসৰি ভোটগ্ৰহণৰ দিনটোত ভোটগ্ৰহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্ৰাই ডে' ঘোষণা কৰা হৈছে।

Also Read: কল্লোল হাজৰিকাক গোগামুখত উষ্ম আদৰণি...

dry day udalguri darrang loksabha election