কল্লোল হাজৰিকাক গোগামুখত উষ্ম আদৰণি...

কল্লোল হাজৰিকাক গোগামুখত উষ্ম আদৰণি...

ডিজিটেল সংবাদ, গোগামুখঃ সদ্য ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভাৰতৰ ভিতৰত ৯৯২সংখ্যক স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা গোগামুখৰ পূব বালি গাঁৱৰ সোনোৱাল কছাৰী গাৱঁৰ মেধা যুৱক কল্লোল হাজৰিকাক বুধবাৰে গোগামুখত বিভিন্ন দ'ল সংগঠনৰ লগতে গাওঁবাসী, শুভাকাংশী ৰাইজে ঢোলে দগৰে, উষ্ম আদৰণি জনোৱাৰ লগতে অভিনন্দন জনায়।

মুম্বাইৰ পৰা বিমানযোগে লখিমপুৰত উপস্থিত হৈ নিজাগৃহ নগৰী গোগামুখত পোৱাৰ লগে লগেই এক উৎসৱ মুখৰ পৰিৱেশ হৈ পৰে সমগ্ৰ গোগামুখত। গোগামুখ চাৰিআলিৰ পৰা শতাধিক ৰাইজ তথা দ'ল সংগঠনে শোভাযাত্ৰা কৰি আদৰণি জনাই পূব বালি গাওঁস্থিত তৰুণজ্যোতি যুৱ সংঘৰ পুথিভঁৰালত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, সোনোৱাল কছাৰী সাহিত্য সভা, গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা, বিজেপি গোগামুখ মণ্ডল, টি এম পি কে, এম এম কে, গোগামুখ শাখা সাহিত্য সভা, অৰুণ জ্যোতি যুৱ সংঘ, তৰুণজ্যোতি যুৱ সংঘৰ লগতে বিভিন্ন দ'ল সংগঠনসমূহে সম্বৰ্ধনা জনায় কল্লোল হাজৰিকাক।

নিজা বাসগৃহত প্ৰৱেশ কৰি মনৰ অনুভৱ প্ৰকাশ কৰে কল্লোলে। উঠি অহা নৱপ্ৰজন্মক হাৰি নগৈ লাগি থাকিবলৈ আহ্বান কল্লোল হাজৰিকাৰ। মেধা ছাত্ৰ কল্লোলে গোগামুখৰ খ্ৰাইষ্টকিং বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটীৰ নেচনেল পাব্লিক স্কুলৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা লোৱাৰ লগতে, স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে এন আই টিৰ পৰা। ইয়াৰ পাছৰে পৰা কল্লোলে লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ অন্তত কেন্দ্ৰীয় লোকসেৱা আয়োগত ৯৯২ সংখ্যক স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। কল্লোল হাজৰিকাক লৈ সমগ্ৰ গোগামুখবাসী উৎফুল্লিত হৈ পৰিছে।

কল্লোল হাজৰিকাক গোগামুখত উষ্ম আদৰণি...
শেষ হোৱাৰ নাম নোলোৱা এখন যুদ্ধঃ এই পৰ্যন্ত নিহত প্ৰায় ১ লাখ সেনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in