গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ ৫ কোটি টকাৰ ড্ৰাগছ, সন্দেহজনক ভূমিকাত ৰে'ল কৰ্তৃপক্ষ...

গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ ৫ কোটি টকাৰ ড্ৰাগছ, সন্দেহজনক ভূমিকাত ৰে'ল কৰ্তৃপক্ষ...

author-image
Asomiya Pratidin
New Update
গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ ৫ কোটি টকাৰ ড্ৰাগছ, সন্দেহজনক ভূমিকাত ৰে'ল কৰ্তৃপক্ষ...

ডিজিটেল ডেস্ক : ড্ৰাগছৰ বিৰুদ্ধে ক্ৰমাৎ সৰৱ হৈ উঠিছে প্ৰশাসন । অব্যাহত আছে আৰক্ষীৰ অভিযান । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ইতিমধ্যেই আৰক্ষীয়ে জব্দ কৰিছে বহু কোটি টকাৰ ড্ৰাগছ । বিগত সময়ছোৱাত এনে নিচাযুক্ত পদাৰ্থৰ সেৱনৰ ফলত ৰাজ্যত বৃদ্ধি পায় অহা অপৰাধ ৰোধ কৰিবলৈ প্ৰয়োজনীয় আছিল আৰক্ষীৰ এনে পদক্ষেপ ।

Advertisment

শনিবাৰে, গুৱাহাটী ৰে'ল আৰক্ষীয়ে পুনৰ জব্দ কৰে এক বৃহৎ মূল্যৰ ড্ৰাগছ । ৰাজধানী এক্সপ্ৰেছ যোগে সৰবৰাহ কৰা অৱস্থাত গুৱাহাটী ৰে'ল আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১ কিলোগ্ৰাম হেৰ'ইন । তথ্য অনুসৰি, এই হেৰ'ইন খিনিৰ মূল্য প্ৰায় ৫ কোটি টকাতকৈও অধিক । ড্ৰাগছ খিনিৰ সৈতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ সৰবৰাহকাৰীক ।

আৰক্ষীৰ বাবে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাটো এক উল্লেখনীয় সাফল্য । কিন্তু তাৰ মাজতেই সততেই আওকাণ কৰা হৈ আহিছে আন এক গুৰুত্বপূৰ্ণ দিশ । উত্তৰ-পূৰ্বাঞ্চলক শেহতীয়াকৈ ড্ৰাগছ কৰিড'ৰ কৰি তোলাৰ অজস্ৰ অভিযোগৰ পাছতো কিয় শিথিল উত্তৰ-পূব সীমান্ত ৰে'লৱে ?

উল্লেখ্য যে, উত্তৰ-পূবলৈ ড্ৰাগছ সৰবৰাহ কৰা হয় ম্যানমাৰ আৰু বাংলাদেশৰ পৰা । ইয়াৰে অপিয়াম আৰু হেৰ'ইন অনা হয় ম্যানমাৰৰ পৰা । আনহাতে দেশত ড্ৰাগছ আসক্তৰ ক্ষেত্ৰত মণিপুৰ আছে ৪ৰ্থ নম্বৰত । মণিপুৰৰ প্ৰায় ১০ শতাংশ লোক আসক্ত ড্ৰাগছত । উত্তৰ-পূৰ্বাঞ্চলত হেৰ'ইনৰ আন মুখ্য বজাৰ হৈছে অৰুণাচল আৰু মিজোৰাম ।

এই ড্ৰাগছ আকৌ প্ৰস্তুত কৰা হয় ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামৰ মাজৰ 'সোণালী ত্ৰিভূজ'ত । সোণালী ত্ৰিভূজ হৈছে প্ৰায় ১৬শ শতিকাতেই সৃষ্টি হোৱা এক কাল্পনিক সীমা য'ত অন্তৰ্ভূক্ত উপৰোক্ত তিনিওখন দেশৰ কিছু কিছু অঞ্চল । ১৬শ শতিকাৰ পৰাই সোণালী ত্ৰিভূজত উৎপাদন কৰা হৈ আহিছে অপিয়াম আৰু শেহতীয়াকৈ হেৰ'ইন । ভিয়েটনামৰ এই ড্ৰাগছৰ সমস্যা বহু পুৰণি । কুখ্যাত ভিয়েটনাম যুদ্ধই বহু কথা শিকাই গৈছিল দেশখনক । কিন্তু তাৰ পাছতো হ্ৰাস হোৱা নাই সোণালী ত্ৰিভূজৰ ড্ৰাগছ সৰবৰাহ । এই সৰবৰাহৰ ফলত শেহতীয়াকৈ আক্ৰান্ত হৈছে উত্তৰ-পূৰ্বাঞ্চল ।

উল্লেখ্য যে, ৰাজনৈতিক সীমা অনুসৰি ম্যানমাৰৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ হ'লে অতিক্ৰম কৰিব লাগিব মণিপুৰ, মিজোৰাম অথবা নাগালেণ্ড । এই তিনিখন ৰাজ্যৰ ইউৱেনচাং, কহিমা, ইম্ফল অথবা বৈৰবী ৰে'ল ষ্টেচনৰ জৰিয়তে সৰবৰাহ কৰিব লাগিব ড্ৰাগছখিনি ।

এতিয়া প্ৰশ্ন হয় এই বৃহৎ সংখ্যক ড্ৰাগছ সৰবৰাহ কৰাৰ সময়ত কিয় পৰিলক্ষিত নহয় ৰে'লৱে আৰক্ষীৰ চকুত ? বৰ্তমান সময়ত বিমান বন্দৰৰ দৰেই কঠোৰ ৰে'ল ষ্টেচনৰ নিৰাপত্তা ব্যৱস্থা । তেনেস্থলত ৰে'ল কৰ্তৃপক্ষৰ সহায় নোলোৱাকৈ ৰে'লত ড্ৰাগছ সৰবৰাহ কৰা জানো সম্ভৱ ? আনহাতে, যদি ৰে'লৱে কৰ্তৃপক্ষ সচাকৈয়ে জড়িত আছে এনে আইন বিৰোধী কাৰ্যকলাপত তেন্তে এতিয়ালৈ কিয় গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই কোনো বিষয় ববীয়াক ।   

এই ক্ষেত্ৰত ভৱিষ্যতলৈ কেৱল ড্ৰাগছ আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিয়েই আৰক্ষী ক্ষান্ত থাকিব নে অন্তৰালৰ বৃহৎ বজাৰ খন পোহৰলৈ অনা হ'ব ?

আৰু পঢ়ক : মৃত্যুয়েও কাঢ়ি নিব নোৱাৰা প্ৰেম...

drugs drugs seized assam