মৃত্যুয়েও কাঢ়ি নিব নোৱাৰা প্ৰেম...

মৃত্যুয়েও কাঢ়ি নিব নোৱাৰা প্ৰেম...

মৃদুল কুমাৰ সন্দিকৈ

হঠাৎ এদিন উদযাপিত হ'ব এই উৎসৱ। তোমাৰ কপালৰ ৰঙা শিমলু ৰাতি লতা হৈ বগাবহি ওঁঠত। এয়া এটা কবিতাৰ দুটা শাৰী। এটা সপোনৰ মায়াময় ছবি। বিতোপন-প্ৰাৰ্থনাৰো তেনে সপোনা আছিল।

দুয়ো দুয়োক সংগী কৰি লৈ জীৱন বাটত আগবঢ়াৰ প্ৰতিশ্ৰুতি লৈছিল। ১৮ নৱেম্বৰ ২০২২ শুকুৰবাৰ। প্ৰাৰ্থনাৰ ঘৰত আহি উপস্থিত হ'লহি মৰিগাঁৱৰ বিতোপন তামুলী। সেন্দুৰৰ ফোঁট আঁকি দিলে প্ৰাৰ্থনাৰ কপালত আৰু শিৰত।

এবাৰ দুবাৰ নহয় কেইবাবাৰো সেন্দুৰৰ ফোঁট দি বিতোপনে পিন্ধাই দিলে প্ৰাৰ্থনাক এডাল বগা ফুলৰ মালা। তাৰপাছত আন এডাল ফুলৰ মালা প্ৰাৰ্থনাৰ হাতত স্পৰ্শ কৰাই নিজেও পিন্ধি ল'লে।

প্ৰাৰ্থনা তেতিয়া নীৰৱ নিমাত। চাপৰৰ কচুৱাৰ সেই ঘৰখনত কান্দোনৰ ৰোল। কন্যাক উলিয়াই দিব লগা বেজাৰত নহয়, কন্যাত হেৰুৱাৰ দুখত উচুপি উঠিল ঘৰখন। উচুপি উঠিল বিতোপন তামুলী।

ৰহাৰ এই দৃশ্য দেখা প্ৰতিজন লোকেই আৱেগিক হৈ পৰিছিল। বহু দিনৰ সম্পৰ্ক আছিল দুয়োৰে মাজত। সেই প্ৰেমৰ আত্মিক সম্পৰ্কই বিতোপনক আৱৰি ৰাখিছিল প্ৰাৰ্থনাই। এসপ্তাহ মানৰ আগতে প্ৰাৰ্থনা অসুস্থ হৈছিল।

এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল যুৱতী গৰাকী। বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাৰ্থনাই। প্ৰাৰ্থনাৰ ঘৰখন বৰ টনকিয়াল নহয়। কৰ্মসূত্ৰে দেউতাক থাকে বাহিৰত। সেইবাবে মৃতদেহ চিকিৎসালয় মৰ্গত থৈ শুকুৰবাৰৰ দিনাহে লৈ যোৱা হৈছিল চাপৰৰ কচুৱাৰ ঘৰখনলৈ।

আহিছিল বিতোপনো। শেষ বিদায় দিবলৈ প্ৰেমিকাক । শেষ বিদায় দিয়াৰ আগতে এনেকৈয়ে সম্পূৰ্ণ কৰিলে প্ৰাৰ্থনা আৰু নিজৰ সপোন। এয়া যে স্বপ্ন প্ৰেমৰ প্ৰাৰ্থনা। প্ৰেমিকাৰ প্ৰতি কিমান আন্তৰিকতা, কিমান দায়িত্ব আৰু টান আছিল বিতোপনে কামেৰে দেখুৱাই দিলে।

প্ৰাৰ্থনাৰ নশ্বৰদেহ জুইত ছাই হৈ গ'ল।মাটিৰ মানুহ মাটিত মিলিল। কিন্তু থাকি গ'ল এটা পৰিচয়। মৰাৰ পাছত হ'লেও বিতোপনৰ পত্নী হৈয়ে এই ধৰা এৰিলে প্ৰাৰ্থনাই। সংঘাতময় এই জীৱনত এনেবোৰ দৃশ্যই মানুহক ভাবুক কৰি তোলে।

সৌ সেইদিনা দিল্লীত কি হৈছিল। শ্ৰদ্ধা ৱাকাৰ আৰু আফতাবৰ কাহিনীয়ে জোকাৰি গৈছিল। তিনি বছৰ ধৰি একেলগে থকা শ্ৰদ্ধাক হত্যা কৰি ৩৫ টা টুকুৰা কৰিছিল প্ৰেমিক ৰূপী আফতাবে।

আছিল জানো তাত প্ৰেম। কেৱল নৃশংসতা আৰু আক্ৰোশ। মৃতদেহ কাটিবলৈ ১৮ দিন সময়ৰ প্ৰয়োজন হৈছিল সেই ঘাটকক। কিনি অনা চুৰী কিমান চোকা চাবলৈ নিজৰ হাতত কাটি চাইছিল। এইবোৰ জানো প্ৰেমিক।

প্ৰেমত সংঘাত থাকিব পাৰে। কিন্তু নৃশংসতা নাথাকে। এনে প্ৰেম মাঁথো তাড়না। সেই খবৰবোৰে কেৱল হতাশ কৰে। মানুহক জানোৱাৰ বুলি ভাবিবলৈ এক পৰিৱেশ ৰচে। তাৰ বিপৰীতে কিমান ওপৰত বিতোপন আৰু প্ৰাৰ্থনাৰ প্ৰেম।

মানুহে কয় মৃত্যুৰ পাছত সকলো শেষ হয়। বিতোপনে দেখুৱাই দিলে মৃত্যুৰ পাছত কেতিয়াবা আৰম্ভও হয়। এক শোকাকুল পৰিৱেশৰ মাজত এই দৃশ্যৰ সাক্ষী হোৱা সকলে বিতোপন প্ৰাৰ্থনাক মনৰ পৰাই আশীৰ্বাদ দিলে।

যাৱতীয় নিয়ম সম্পূৰ্ণ কৰি পৰিয়ালৰ আন লোকৰ সহযোগত বিতোপনে প্ৰাৰ্থনাৰ শ্মশান যাত্ৰাৰ সংগী হ'ল। ঘৰলৈ অনা নহল নবোৱাৰী। পোনে পোনে লৈ যোৱা হ'ল শ্মশানলৈ। এই যাত্ৰা সঁচাই বৰ দুখৰ।

কপালত বিতোপনে অঁকা সেন্দুৰ লৈ প্ৰাৰ্থনা চিতাত উঠিল। দাউ দাউকৈ জ্বলা জুই কুৰাই প্ৰাৰ্থনাক সামৰি থ'লে। কিন্তু মচি দিব নোৱাৰিলে প্ৰাৰ্থনা আৰু বিতোপনৰ প্ৰেমক। সঁচাই এই প্ৰেম অনন্য।

শ্ৰদ্ধা-আফতাবৰ প্ৰেম আৰু নৃশংসতাৰ বিপৰীতে প্ৰাৰ্থনা-বিতোপনৰ প্ৰেমে কৈ গ'ল প্ৰেমৰ প্ৰকৃত সংজ্ঞা। এই কাৰণতেই প্ৰেম স্বৰ্গীয়। অকলে থাকিলেও বিতোপনে লৈ ফুৰিব শূণ্যতাৰ মাজতেই প্ৰাৰ্থনাক। হোমৰ জুই নহয় যেন চিতাৰ জুইৰ কাষত থিয় হৈ বিতোপনে ক'লে তুমি মোৰ কেৱল মোৰ...

আৰু পঢ়ক: সংকটত আমি! সংঘৰ ভকতলৈ গোপন চিঠি...

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in