ড্ৰাগছ ক্ৰয়ৰ বাবে চুৰি কৰিবলৈ আহি আটক যুৱক

: ড্ৰাগছ সেৱনৰ বাবে চোৰ কৰিবলৈ গৈ কৰায়ত্ব হ'ল এজন যুৱক ৷ নগাঁও চহৰৰ শিৱনগৰত ৰাইজে কৰায়ত্ব কৰিলে যুৱকজনক খুটাত বান্ধি থয় ৷
 ড্ৰাগছ ক্ৰয়ৰ বাবে চুৰি কৰিবলৈ আহি আটক যুৱক
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : ড্ৰাগছ সেৱনৰ বাবে চোৰ কৰিবলৈ গৈ কৰায়ত্ব হ'ল এজন যুৱক ৷ নগাঁও চহৰৰ শিৱনগৰত ৰাইজে কৰায়ত্ব কৰিলে যুৱকজনক খুটাত বান্ধি থয় ৷ যুৱকজনৰ নাম সুমন সাই ঠাকুৰীয়া ৷ পাছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে যুৱকজনক থানালৈ লৈ যায় ৷

জানিব পৰা মতে শিৱনগৰত নিৰ্মান চলি থকা অমৰুট আঁচনিৰ লোৰ আচবাব চুৰি কৰি থকা অৱস্থাত বৃহস্পতিবাৰে পুৱাতে ২২ বছৰীয়া সুমনক কৰায়ত্ব কৰায়ত্ব কৰে স্থানীয় লোকে ৷

ৰাইজে কৰায়ত্ব কৰা সুমনে দিয়া স্বীকাৰোক্তি মতে ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে এই চুৰি কাৰ্য সংঘটিত কৰিছিল ৷ চুৰি কৰা লো বিক্ৰী কৰি তাৰ ধনেৰে ড্ৰাগছ কিনি সেৱন কৰাৰ কথা স্বীকাৰ কৰিছে সুমন সাই ঠাকুৰীয়াই ৷

আৰু পঢ়ক: হিমাচল প্ৰদেশত তাপমাত্ৰা নামিল -৬ ডিগ্ৰী ছেলচিয়াচৰ তললৈ, তুষাৰপাতত বন্ধ প্ৰায় ১০০টা পথ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in