এদিনীয়া কাৰ্য্যসূচীৰে ডিমাহাচাওত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

এদিনীয়া কাৰ্য্যসূচীৰে ডিমাহাচাওত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
এদিনীয়া কাৰ্য্যসূচীৰে ডিমাহাচাওত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ,লামডিং : এদিনীয়া কাৰ্য্যসূচীৰে শনিবাৰে ডিমাহাচাও জিলাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। DNLA সংগঠনটোৰ সৈতে শান্তি চুক্তিৰ পাছত অস্ত্ৰ সম্বৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ শৰ্মা।

Advertisment

আনহাতে এই ভ্ৰমণ কালতে ডিমাহাছাও জিলাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়কে ধৰি কেবাটাও প্ৰকল্প উন্মোচন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিমাহাছাওৰ সীমান্তৰ মান্দাৰদিছাত ডিমাহাছাও জিলাৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য দেৱলাল গাৰ্লোচা আৰু ছাত্ৰ সংগঠনে তেওঁক উষ্ম আদৰণি জনায়।

ইফালে এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,যোগেন মোহন , নন্দিতা গাৰ্লোচা , কাৰ্বি আংলং স্বায়িত্ব শাষিত পৰিসদৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য তুলিৰাম ৰংহাং আদিয়ে সংগ দিয়ে ।

Also Read: বাঁহৰ দলং দুৰ্ঘটনা : আহতৰ কাষত ৰানা গোস্বামী

Dimahasao Dr. Himanta Biswa Sarma