
ডিজিটেল সংবাদ,চিলাপথাৰ : যোৱা ২৬ অক্টোবৰত চিলাপথাৰৰ মধ্য চিচি টঙানি পঞ্চায়তৰ চ'হবাৰিত এখন জৰাজীৰ্ণ বাঁহৰ দলঙৰে টঙানি নৈ পাৰ হ'বলৈ গৈ সংঘটিত হৈছিল ভয়ংকৰ দূৰ্ঘটনা। আহত হৈছিল কুৰি গৰাকীকৈ ছাত্ৰী।
শুকুৰবাৰে কেইবাজনো দলীয় নেতা-কৰ্মীৰ সৈতে চ'হবাৰিৰ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আহতসকলৰ ঘৰে-ঘৰে গৈ সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীয়ে। কংগ্ৰেছে চাঙে চাঙে গৈ উন্নয়নৰ বাদে একো দেখা নাপাব বুলি বিজেপিয়ে কৰা মান্তব্যক চোকা সমালোচনা কৰে গোস্বামীয়ে।
বাঁহৰ দলং ভাঙি পৰি বিদ্যাৰ্থী আহত হোৱা ঘটনাই বিজেপিৰ চূড়ান্ত মিথ্যাচাৰ উদঙাই দেখুৱাইছে বুলি কটাক্ষ কৰে। MACৰ ধনো ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বাবেই বাট পথৰ এই অৱস্থা বুলি মন্তব্য কৰি ক্ষুৰধাৰ সমালোচনা কৰে।