Advertisment

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে টিকত লাভৰ পিছত প্ৰথমবাৰলৈ ডিব্ৰুগড় উপস্থিত হ'ব ।

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

ডিজিটেল সংবাদ, বৰবৰুৱাঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে টিকত লাভৰ পিছত প্ৰথমবাৰলৈ ডিব্ৰুগড় উপস্থিত হ'ব । ইতিমধ্যে দলৰ কাৰ্যকৰ্তাসকলে সৰ্বানন্দ সোনোৱালক আদৰিবলৈ ব্যাপক সাজু হৈ উঠিছে । ডিব্ৰুগড় বিমান বন্দৰৰ পৰা প্ৰায় ১০ হাজাৰ সমৰ্থকে বিশাল ৰেলীয়ে আদৰি আনিব ডিব্ৰুগড় মানকটা খেলপথাৰত অনুষ্ঠিত হোৱা সভালে ।

Advertisment

উক্ত সভাত প্ৰায় ৩০ হাজাৰ লোক উপস্থিত থাকিব বুলি মন্তব্য কৰে পৰ্যটন নীগমৰ অধ্যক্ষ ৠতুপৰ্ণ বৰুৱাই । নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে, সৰ্বানন্দ সোনোৱালক প্ৰাৰ্থী হিচাপে পাই চাহ জনগোষ্ঠীয় লোকসকল যথেষ্ট উৎসাহী আৰু বিপুল ভোট প্ৰদান কৰিব বুলি মন্তব্য কৰে ।

Also Read: ঢকুৱাখনাৰ প্ৰবীণ শিক্ষাবিদ ভোগৰাম কোচৰ বিয়োগ

sarbananda sonowal dibrugarh