ঢকুৱাখনাৰ প্ৰবীণ শিক্ষাবিদ ভোগৰাম কোচৰ বিয়োগ

ঢকুৱাখনাৰ প্ৰবীণ শিক্ষাবিদ ভোগৰাম কোচৰ বিয়োগ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ প্ৰবীণ শিক্ষাবিদ, লোকতন্ত্ৰ সেনানী বঁটা প্ৰাপক, ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভোগৰাম কোচৰ বিয়োগ ঘটে । সোমবাৰে পুৱা প্ৰায় ১০.১৫ বজাত ঢকুৱাখনাৰ জীয়ামৰীয়া গাঁওৰ নিজা বাসগৃহত মৃত্যু ঘটে ।

১৯৬২ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাধাৰণ গণিত বিষয়ত "লেটাৰ"নম্বৰ সহ উত্তীৰ্ণ হোৱা প্ৰচণ্ড মেধাৱী ছাত্ৰ হিচাবে পৰিচিত কোচে ১৯৬৪ চনত ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান বিষয়ৰ সহকাৰী শিক্ষক হিচাবে যোগদান কৰিছিল । ঢকুৱাখনাৰ স্ত্ৰী শিক্ষা প্ৰসাৰণৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠা বর্ষৰ পৰাই শিক্ষকতাৰ মহান আৰু পবিত্ৰ সেৱা আগবঢ়াই যোৱা মিষ্টভাষী বিনয়ী শিক্ষক কোচে ২০০০চনৰ ৩১ মে'ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ২০০৬ চনৰ ৩১মে'ত প্ৰধান শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰে।

ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্থা, ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ, ঢকুৱাখনা বিজ্ঞান সমিতি, মেগামিক্স প্ৰকৃতি সংঘকে ধৰি বিভিন্ন সামাজিক সংগঠনৰ সৈতে আমৃত্যু জড়িত কোচক অসম চৰকাৰে ২০২২ বৰ্ষত "লোকতন্ত্ৰ সেনানী" হিচাবে স্বীকৃতি দি বঁটা প্ৰদানেৰে সন্মানিত কৰিছিল । ১৯৭৫ চনৰ দেশৰ জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ বৰণ কৰি জেললৈ যোৱা কোচক অসম চৰকাৰে মৃত্যুৰ পূৰ্বে এই মহান সন্মান প্ৰদান কৰিছিল । কিন্তু দুৰ্ভাগ্যজনক ভাৱে চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা মানপত্ৰ আৰু পেঞ্চনৰ ধনৰ ফুটা কড়ি এটাও জীৱন কালত দেখিবলৈ সক্ষম নোহোৱাকৈ ইস জীৱনৰ পৰা মেলানী মাগিলে বিশিষ্ট নাগৰিক কোচে।

পত্নী ৰুণু কোচ ,দুই পুত্ৰ , বোৱাৰী সহ অজস্ৰ ইষ্ট কুটুম্ব আৰু গুণগ্ৰাহীক ইস সংসাৰত এৰি যোৱা প্ৰবীণ শিক্ষাবিদ কোচৰ মৃত্যুৱে জন্মভূমি জীয়ামৰীয়া গাঁওৰ লগতে সমগ্ৰ ঢকুৱাখনা মহকুমাত শোকৰ ছাঁ পেলাইছে । ঢকুৱাখনাৰ সমাজ জীৱনৰ এগৰাকী সদা সক্ৰিয় প্ৰবীণ নাগৰিকৰ বিয়োগত ঢকুৱাখনা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল কোচ , মেগামিক্স প্ৰকৃতি সংঘৰ  দেৱজিৎ ফুকন, জ্যেষ্ঠ নাগৰিক সন্থাৰ পূৰ্ণানন্দ গগৈ, প্ৰবীণ শিক্ষাবিদ প্ৰফুল্ল চুতীয়াকে প্ৰমুখ্য কৰি অগণন ব্যক্তি, সংগঠনে কোচৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে । লগতে বিদেহ আত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

ঢকুৱাখনাৰ প্ৰবীণ শিক্ষাবিদ ভোগৰাম কোচৰ বিয়োগ
ঠিকাদাৰৰ কৰ্ম-কাণ্ডৰ বাবেই এটা নিৰ্মীয়মান পথে অতিষ্ঠ কৰিছে বিশ্বনাথবাসীক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in