ডিব্ৰুগড়ত বিশাল জনসভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

লুৰীণজ্যোতি গগৈ দুমুখীয়া,এফালে জাতীয়তাবাদৰ কথা কয় আৰু আনফালে ৮৫৫ জন ছহিদৰ বাবে জগৰীয়া কংগ্ৰেছৰ লগত মিত্ৰতা কৰি নিৰ্বাচন খেলে- জয়ন্ত মল্লবৰুৱা

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ত বিশাল জনসভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ডিজিটেল সংবাদ,ডিব্ৰুগড় : ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। জোৰদাৰ হৈ উঠিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ উদ্যম দেখি উৎসাহিত সকলো। বিজেপিৰ জয়জয়কাৰ ধ্বনিত মুখৰ ৰাজ্য।

Advertisment

সমান্তৰালকৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাইয়ো চলাইছে প্ৰচাৰ অভিযান। উজনি অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। দিনে নিশাই চলাইছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ।

ডিব্ৰুগড়ত এটাই ধ্বনি- বিজেপিক ভোট দিমেই আমি। দেওবাৰে ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ অভিযান চলাই মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী বৰুৱাই।

ডিব্ৰুগড়ৰ খোৱাং গজপুৰীয়াত অনুষ্ঠিত বিজেপি অসম প্ৰদেশৰ এখন বিশাল জনসভা সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। আগন্তুক নিৰ্বাচনক উদ্দেশ্যি ডিব্ৰুগড়ৰ বিশাল নিৰ্বাচনী সভাত ৰাইজক সম্বোধন মন্ত্ৰীগৰাকীৰ। ডিব্ৰুগড়ৰ পথালিবাম চাওৰা লাইন খেলপথাৰত জনসভাক সম্বোধন কৰি ভাষণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

ভাষণত ৰাইজ উদ্দেশ্যি কয়- "এইবাৰ ৪ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব সৰ্বানন্দ সোণোৱাল।" বিৰোধী কোনো কাৰণেই নহয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। জয়ন্তমল্ল বৰুৱাই কয়- "লুৰীনজ্যোতি গগৈ দুমুখীয়া। এফালে জাতীয়তাবাদীৰ কথা কয় আনফালে ৮৫৫ জন শ্বহীদৰ বাবে জগৰীয়া কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচন খেলে।

লগতে "বিৰোধীয়ে যিমান কথা কয় তেনে কোনো কামেই কৰি দেখুৱাব পৰা নাই" বুলি ভাষণত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনী সভাখনত যথেষ্ট জনসমাগম হোৱা পৰিলক্ষিত হয়। সেই বিশাল জনসভাতেই সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।

Also Read: 'কা' বাতিল আৰু সংবিধান-গণতন্ত্ৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ দিৱস পালন

LURIN JYOTI GOGOI Jayanta Mallabaruah ASOM JATIYA PARISHAD assam congress LOKSABHA 2024 bjp