'কা' বাতিল আৰু সংবিধান-গণতন্ত্ৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ দিৱস পালন

'কা' বাতিল আৰু সংবিধান-গণতন্ত্ৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ দিৱস পালন

ডিজিটেল সংবাদ,গুৱাহাটীঃ নাগৰিকত্ব আইন সংশোধনী (কা) বিৰোধী সমন্বয় সমিতি,অসমৰ আহ্বানত দেওবাৰে 'কা' বাতিল,সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষা,মুক্ত আৰু নিকা নিবাৰ্চনৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ দিৱস পালন কৰা হয়। গুৱাহাটীৰ দীঘলী পুখুৰীপাৰত নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত ৰূপায়ন কৰা বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচীত ভালেসংখ্যক দল-সংগঠন তথা ৰাইজে অংশগ্ৰহণ কৰে।

ইয়াৰ ভিতৰত কংগ্ৰেছ, চিপিআই, চিপিআই (এম), চিপিআই (এম-এল), এন চি পি (শাৰদ পাৱাৰ), পি এল পি, কৃষক মুক্তি সংগ্ৰাম সমিতি, শিলসাঁকো পাৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজ, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আদি উল্লেখযোগ্য।

প্ৰতিবাদকাৰীসকলে 'সংবিধান বিৰোধী জাতি ধ্বংসী কা বাতিল কৰক', 'জাতি ধ্বংসী বিজেপিক পৰাস্ত কৰক', 'দহ বছৰে পালো কি ফাকি বাকী বিজেপি', 'সংবিধানৰ ওপৰত আক্ৰমণ বন্ধ কৰক', 'ইডি, আয়কৰ, চিবিআইক বিজেপি দলৰ স্বাৰ্থত ব্যৱহাৰ কৰা বন্ধ কৰক', 'বিৰোধী কণ্ঠ ৰোধ কৰা নচলিব', 'মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনসহ বন্দী হৈ থকা সকলো মন্ত্ৰী, বিধায়ক, বিৰোধী নেতা কৰ্মীক শীঘ্ৰে মুক্তি দিয়ক' আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে।

ইয়াৰোপৰি মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰক, আসোঁৱাহ মুক্ত ই ভি এম নিশ্চিত কৰক, মূল্য বৃদ্ধি নিবনুৱা বৃদ্ধিৰ মহানায়ক বিজেপিক শিক্ষা দিয়ক, পুলিচ ৰাজ নচলিব, শিলসাঁকো পাৰৰ উচ্ছেদিত ৰাইজক পুনৰ্স্থাপন আৰু উপযুক্ত ক্ষতি পূৰণ প্ৰদান কৰক আদি শ্লগানেৰে ৰাজপথ উত্তাল কৰে। আনহাতে কা বিৰোধী সমন্বয় সমিতিৰ সভাপতি ড০ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামুলী, অধ্যাপক আব্দুল মান্নান, ড০ সৌৰভ প্ৰাণ গোস্বামী , ড০ অপূৰ্ব বৰুৱা, ড০ ইন্দ্ৰানী দত্ত, ড০ মনোৰমা শৰ্মা, ড০ পৰমানন্দ মজুমদাৰ, বলিন কুলি, ইচফাকুৰ ৰহমান, চক্ৰেশ্বৰ কলিতা, বেদব্ৰত বৰা, পৰেশ বৰুৱা, গীতা দেৱী, পংকজ কুমাৰ দাস, চৰণ ডেকা, শংকৰ শইকীয়া, সমীৰ চৌধুৰী, গায়ত্ৰী বড়ি, আকাশ দলে, সুব্ৰত চক্ৰৱৰ্তী,গীতাঞ্জলি সোণোৱাল, টিমৰেন্দ্ৰ বাহাদুৰ সিংহ, সাধন বিশ্বাস আদি বিৰোধী দলৰ নেতৃবৃন্দ তথা বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।

বক্তাসকলে সংবিধান, গণতন্ত্ৰ, জাতি, মাটি, ভেটি বচাবলৈ বিজেপি দলক আগন্তুক নিৰ্বাচনত পৰাস্ত কৰিবলৈ আহ্বান জনায়। বক্তাসকলে কয় যে, বিজেপি চৰকাৰে এহাতেদি সংবিধান বিৰোধী কা জাপি দি অসম তথা অসমীয়া জাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক, সাংস্কৃতিক অস্তিত্বৰ প্ৰতি প্ৰচণ্ড ভাবুকি সৃষ্টি কৰিছে। আনহাতে বিজেপি চৰকাৰে নিৰ্বাচনৰ আগমুহূৰ্তত বিৰোধী নেতাসকলক জেলত ভৰাই নিৰ্বাচনটোক এক প্ৰহসনত পৰিণত কৰিবলৈ বিচাৰিছে যিটো গণতন্ত্ৰৰ বাবে গম্ভীৰ বিপদৰ আগজাননী স্বৰূপ।

সেয়ে মুক্ত আৰু নিকা নিৰ্বাচনৰ নিশ্চয়তা কৰাটো বৰ্তমান আটাইতকৈ বেছি প্ৰত্যাহ্বান হৈ পৰিছে। দেশৰ স্বাধীনতা, সংবিধান, গণতন্ত্ৰ নিশ্চিত কৰিবলৈ হলে বিজেপিৰ মিত্ৰজোঁটক আগন্তুক নিৰ্বাচনত পৰাস্ত কৰিবই লাগিব আৰু বিজেপিক ক্ষমতাচ্যুত কৰাৰ অবিহনে কা বাতিল কৰা সম্ভৱ নহ'ব। বক্তাসকলে লগতে সমগ্ৰ দেশখনক কাৰাগাৰত পৰিণত কৰিব বিচৰা বিজেপি দলৰ কবলৰ পৰা দেশক মুক্ত কৰিবলৈ দ্বিতীয় স্বাধীনতা সংগ্ৰাম গঢ়ি তোলাৰ আহ্বান জনায়।

'কা' বাতিল আৰু সংবিধান-গণতন্ত্ৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ দিৱস পালন
দুৰাৰোগ্য ৰোগত আক্ৰান্ত পিতৃ ! চিকিৎসাৰ বাবে সহায় বিচাৰিছে তিনি কন্যাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in