ডিব্ৰুগড়ত তিনিচকীয়া অবৈধ CNG বাহন চালকৰ মইমতালিঃ এজনৰ প্ৰাণে মৰাৰ চেষ্টা

ডিব্ৰুগড়ত তিনিচকীয়া অবৈধ CNG বাহন চালকৰ মইমতালিঃ এজনৰ প্ৰাণে মৰাৰ চেষ্টা

ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ তিনিচকীয়া অবৈধ CNG বাহনেৰে ভৰি পৰিছে ডিব্ৰুগড় চহৰ৷ ডিব্ৰুগড়ত পাৰ্মিট থকা তিনিচকীয়া বাহনৰ তুলনাত অবৈধ তিনিচকীয়া বাহনৰ সংখ্যা প্ৰায় ৩ গুণ বেছি।

এই অবৈধ বাহনৰ বাবে বিপাঙত পৰিছে পাৰ্মিট থকা তিনিচকীয়া বাহনৰ চালকসকল। তাৰ উপৰিও ভুতৰ ওপৰত দানৱ পৰাদি এতিয়া CNG AUTOৰ দপদপনি। যাত্ৰী উঠোৱাক লৈ ডিব্ৰুগড় টাউনৰ পাৰ্মিট থকা তিনিচকীয়া বাহন আৰু CNG AUTOৰ চালকৰ মাজত প্ৰায় সংঘৰ্ষ হোৱা দেখা যায়।

সোমবাৰে ডিব্ৰুগড় থানা চাৰিআলিৰ সদৰ থানাৰ সমীপত সংঘটিত হয় এনে ঘটনা। বিষ্ণু বড়া নামৰ এজন CNG AUTO চালকে যাত্ৰী উঠোৱাক লৈ ডিব্ৰুগড় পাৰ্মিট থকা ৰাজা গগৈ নামৰ অটো চালকক বেয়াকৈ প্ৰহাৰ কৰে। লগতে ডিঙিত খুচি প্ৰাণে মৰাৰ চেষ্টা কৰে।

ইয়াৰ পিছতে ঘটনাস্থলীত ডিব্ৰুগড় এপে অটো-ৰিক্সা মালিক-চালক সন্থাৰ বিষয়ববীয়া উপস্থিত হৈ সদৰ থানাত এজাহাৰ দাখিল কৰে। আঘাটপ্ৰাপ্ত ৰাজা গগৈৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লগে লগে চালক বিষ্ণু বড়াক আটক কৰে। লগতে AS06-CC- 4501 নম্বৰৰ CNG AUTO ৰিক্সাখন জব্দ কৰে।

জনসাধাৰণে চীট বেল্ট বা হেলমেট নিপিন্ধা বাবে আৰক্ষীয়ে ফটো তুলি ই চালান কাটি জৰিমণা বিহে, ঠিক তেনে এই বাহন সমূহৰ বিৰুদ্ধেও আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে একাংশই।

ডিব্ৰুগড়ত তিনিচকীয়া অবৈধ CNG বাহন চালকৰ মইমতালিঃ এজনৰ প্ৰাণে মৰাৰ চেষ্টা
নিয়তিৰ পৰিহাস ! কুঁৱাত পৰা মুৰ্গী আঁতৰাবলৈ গৈ ককাই ভাই সহ ৩ যুৱকৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in